/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/38fca3bd-a6b0-43cd-8272-0192b9cac4fc/5.jpg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ লাহাউল স্পিতিৰ কাজা মহকুমাত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা বলীউডৰ অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটে প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয়। লাহাউল স্পিতিত কংগ্ৰেছ কৰ্মীসকলে তেওঁক ক’লা পতাকা দেখুৱাই গ’বেক শ্ল’গান দি পৰিৱেশ উত্তোলন কৰে।
অৱশ্যে পৰৱৰ্তি সময়ত কংগনাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। কংগনাৰ সৈতে বিজেপি নেতা জয়ৰাম ঠাকুৰ, ৰবি ঠাকুৰকে ধৰি অন্যান্য কৰ্মীসকল উপস্থিত থাকে। উক্ত সভাত অংশগ্ৰহণত যোৱা সময়তে প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ কনভয়ত আক্ৰমণ কৰা বুলি দাবী কৰে বিজেপি কৰ্মীয়ে।
তথ্য অনুসৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে সোমবাৰে লাহাউল স্পিতিৰ কাজাত উপস্থিত হৈছিল কংগনা ৰানাৱট। অঞ্চলটো মান্দি সংসদীয় সমষ্টিৰ অন্তৰ্গত। এই সময়ছোৱাত কংগনা কাজা পোৱাৰ লগে লগে একাংশই কংগনাৰ বিৰোধিতা কৰে। প্ৰতিবাদীকাৰীয়ে কয় যে, কংগনা ৰানাৱটে পূৰ্বতে দালাই লামাৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে তেওঁলোকে বিৰোধিতা কৰিছে ।
আনহাতে, জয়ৰাম ঠাকুৰে কাজাত কংগ্ৰেছ কৰ্মীয়ে বিজেপি প্ৰাৰ্থীৰ কনভয় অৱৰোধ কৰা ঘটনাক গৰিহণা দিয়ে। বিৰোধী দলপতি জয়ৰাম ঠাকুৰে কয় যে ইয়াত কংগ্ৰেছ কৰ্মীসকলৰ এনে কাৰ্য অতি নিন্দনীয়। ইয়াৰ পৰা স্পষ্টকৈ দেখা যায় যে কংগ্ৰেছ সম্পূৰ্ণ আতংকিত।
উল্লেখ্য যে, এই ঘটনাৰ বিৰোধিতা কৰি বিজেপিয়ে ইতিমধ্যে কংগ্ৰেছৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
Also Read: অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ