অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ

মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত এই অনুষ্ঠান সম্পন্ন
অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ
অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ

ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ উদ্যোগত, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ সহযোগত আজি অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন(Participatory varietal Evaluation of multi locational trail of rice varieties) কাৰ্যসূচী ৰূপায়ন কৰা হয়।

নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ইটাপাৰা গাঁৱত ৰাইডঙীয়া, বাজিয়া গাঁও, ইটাপাপাৰা, ৰৌমাৰী অঞ্চলৰ শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰে মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনিৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই। তেওঁ কয়- ইটাপাৰা গাঁৱৰ পথাৰৰ ৩০ টা অংশত ১০ টা উন্নত জাতৰ ধান উৎপাদন কৰা হৈছে। আজি উপস্থিত কৃষকসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ পৰা অহা বিশেষজ্ঞ সকলে নিৰ্বাচন কৰি, এই নিৰ্বাচিত জাতসমূহ পৰবৰ্তী কালত পৰীক্ষাগাৰত পৰীক্ষা কৰি অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ অনুমোদন সাপেক্ষে কৃষকৰ কল্যাণৰ বাবে ব্যবহাৰ কৰা হ'ব।"

এপাৰ্টৰ সহযোগী প্ৰকল্প বিজ্ঞানী ড০ শৰ্মি গগৈ, তনবিৰ হাজৰিকা আৰু গৱেষণা সহায়ক পাৰ্থ প্ৰতিম বৰাই আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহন কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই কয়- "আজি মূল্যায়ন কৰিবলগীয়া ধানৰ জাতসমূহৰ ভিতৰত প্ৰিমিয়াম, চাপ সহনশীল আৰু থলুৱা সকলো জাতৰ মাজৰ পৰা কৃষকসকলে নিজৰ উপকাৰী তথা সহজ জাত নিৰ্বাচন কৰি সহজতে অধিক উৎপাদন কৰিব পৰাকৈ দৰকাৰী জাত নিৰ্বাচন কৰিব।"

আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ ৰাজ্যিক মুখ্য পৰামৰ্শদাতা ড০ বীৰেন্দ্ৰ কুমাৰ যাদৱ, আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ সহযোগী বিজ্ঞানী বিপিন কুমাৰ, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ এপাৰ্ট আঁচনিৰ নডেল বিষয়া ড০ ৰূপম বৰগোহাঞিয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনিৰ বিজ্ঞানী ড০ জ্যোতি ৰেখা হাজৰিকা, আৰু বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতিয়ে উপস্থিত কৃষকসকলৰ লগত ধান খেতিৰ বিভিন্ন সমস্যা, বেমাৰ আজাৰ, কীট পতংগ আদি বিষয়ৰ মত বিনিময় কৰে।

আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিশেষজ্ঞা সুৰঞ্জনা বৰা, এপাৰ্টৰ প্ৰকল্প বিজ্ঞানী যুতিকা দাস, প্ৰিয়ানুজ গোস্বামী, প্ৰগতিশীল কৃষক ছহিদুল ইছলামৰ লগতে বিশেষজ্ঞ, বিজ্ঞানীৰ উপস্থিতিত অনুষ্ঠিত সভাৰ অন্তত উপস্থিত কৃষক আৰু বিশেষজ্ঞ সকলে ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কৰে।

অংশগ্ৰহণমূলক ধানৰ জাতৰ ক্ষেত্ৰভিত্তিক পৰীক্ষামূলক মূল্যায়ন কাৰ্যসূচী ৰূপায়ণ
কচুৱাত উচ্চ আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীক আমছুৰ সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in