/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e1d9bac0-3000-4d30-90eb-e83fde38e4d9/21.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে কংগনা-চিৰাগৰ সংসদত প্ৰৱেশ কৰাৰ সময়ৰ কেইখনমান ফ'টোৱে অতি কম সময়ৰ ভিতৰত সামাজিক মাধ্যমত খুব চৰ্চা লাভ কৰিছে। দুই নেতাৰ এই বন্ধুত্বসুলভ মুহূৰ্ত উপভোগ কৰিছে অনুৰাগী সকলে।
অষ্টাদশ লোকসভা অধিৱেশনৰ তৃতীয়া দিনা হাতত হাত থৈ সংসদ ভৱনত উপস্থিত হ'ল সাংসদ কংগনা ৰানাৱত আৰু কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱান। বিগত কিছুদিনৰ পৰা লাইম লাটতত আছে এই যুটিতো।
#WATCH | Union Minister Chirag Paswan and BJP MP Kangana Ranaut arrive at the Parliament. pic.twitter.com/ZZZk61z7d0
— ANI (@ANI) June 26, 2024
সংসদত প্ৰৱেশ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী পাছোৱান আৰু বিজেপিৰ সাংসদ কংগনা ৰানাৱতে ইজনে সিজনক হাঁহি হাঁহি হাই-ফাই দিয়া এটা ভিডিঅ' সামাজিক মাধ্যমত চৰ্চিত।
উল্লেখ্য যে, সংবাদ মাধ্যমক উদ্দেশ্যি নৱ ৰাজনীতিবিদ গৰাকীয়ে কয় যে, যিসকলে সংবিধানৰ বিষয়ে আটাইতকৈ বেছি কথা কয়,তেওঁলোকেও দায়িত্ব লোৱা উচিত। তেওঁলোকে তেওঁলোকৰ দেউতাক আৰু আইতাকৰ নামত ভোট সংগ্ৰহ কৰিছে,গতিকে তেওঁলোকে তেওঁলোকৰ কামৰ দায়িত্ব ল'ব নেকি?
Also Read: মাহৰ দাইলৰ লগত খাহিৰ তেল, কাৱৈ- মাগুৰ মাছৰ আঞ্জাঃ নলবাৰীৰ কেবিনেট বৈঠকত ব্যাপক আয়োজন...