মাহৰ দাইলৰ লগত খাহিৰ তেল, কাৱৈ- মাগুৰ মাছৰ আঞ্জাঃ নলবাৰীৰ কেবিনেট বৈঠকত ব্যাপক আয়োজন...

মাহৰ দাইলৰ লগত খাহিৰ তেল, কাৱৈ- মাগুৰ মাছৰ আঞ্জাঃ নলবাৰীৰ কেবিনেট বৈঠকত ব্যাপক আয়োজন...

author-image
Asomiya Pratidin
New Update
মাহৰ দাইলৰ লগত খাহিৰ তেল, কাৱৈ- মাগুৰ মাছৰ আঞ্জাঃ নলবাৰীৰ কেবিনেট বৈঠকত ব্যাপক আয়োজন...

ডিজিটেল ডেস্কঃ আজি দিনৰ ১২বজাৰ পৰা নলবাৰী আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ নেতৃ্ত্ব অনুষ্ঠিত হোৱা এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Advertisment

অসম চৰকাৰৰ কেবিনেট এই বৈঠকক লৈ নলবাৰীত ব্যাপক প্ৰস্তুতি দেখা গৈছে। কেবিনেট মন্ত্ৰীসকলৰ বাবে ভিন্ন খাদ্য সম্ভাৰ সাজু কৰা হৈছে। প্ৰায় ২২বিধ খাদ্য সাজু কৰা হৈছে কেবিনেট মন্ত্ৰীসকলৰ বাবে।

কেবিনেট মন্ত্ৰীসকলৰ বাবে এই খাদ্যৰ তালিকাত আছে প্লেইন ৰাইচ, জিৰা আৰু পোলাও। ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছে।

চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেকীঁয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুনো আছে এই খাদ্যৰ তালিকাত।

উল্লেখ কৰা প্ৰয়োজন যে, নলবাৰীৰ কেবিনেট বৈঠকত অংশ লোৱাৰ উদ্দেশ্যৰে যোৱা আদবাটতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাংসাৰিত ৰৈ বহুকেইটা প্ৰকল্পৰ বুজ লয়।

Also Read: ঘৰৰ খানাৰ পৰা গীতা পঢ়ালৈঃ এই সকলোবোৰ সুবিধা লাভ কৰিব কেজৰিৱালে...

নলবাৰী