ডিজিটেল ডেস্কঃ দুৰ্গা পূজালৈ মাজত মাথো এটা মাহ। এইবাৰো দুৰ্গা পূজা আয়োজনৰ ক্ষেত্ৰত পূজা সমিতিসমূহে মানিব লাগিব কেতবোৰ নিয়ম ৷ আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত দুৰ্গাপূজা সমিতিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।
এইবাৰ মহানগৰীত দুৰ্গা পূজাত পথ নিৰ্দেশনা সলনি হ’ব। ফ্লাই অভাৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবে পূজা চোৱাৰ পথ সলনি হ’ব। লালগণেশ, ৰুক্মিণী গাঁও, চানমাৰিত সলনি হ’ব পথ নিৰ্দেশনা।
এইবাৰ কমিটীসমূহে পূজা পাতিবলৈ অনুমতিৰ বাবে অনলাইন পঞ্জীয়ন কৰিব লাগিব। কোনো পূজাস্থলীতে উচ্চস্বৰত গান বজাব নোৱাৰিব। পূজাস্থলীত পেট্ৰ’ল, কেৰাচিনজাতীয় দ্ৰব্য ৰাখিব নোৱাৰিব। প্ৰতিখন পূজা মণ্ডপত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব। কেমেৰা বন্দী হোৱা সকলো ফুটেজ ১মাহলৈ কেমেৰাসমূহত থাকিব লাগিব। পথ বন্ধ কৰি সা-সজ্জাৰ বাবে কোনো লাইটিং গেট স্থাপন কৰিব নোৱাৰিব।
ইয়াৰোপৰি পূজা উদযাপন তথা দেৱী বিসৰ্জন প্ৰক্ৰিয়া যাতে শৃংখলাবদ্ধৰূপত শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে জিলা প্ৰশাসনে সকলো পক্ষৰে সহায়-সহযোগিতা কামনা কৰিছে৷ বিসৰ্জনৰ শোভাযাত্ৰাত উপযুক্ত গাড়ীৰ ব্যৱহাৰ কৰা, অনুজ্ঞাপত্ৰ থকা চালকক গাড়ী চলোৱাৰ লগতে, প্ৰতিমা বিসৰ্জনৰ সময়ত মিউজিক চিষ্টেমত ধৰ্মমূলক সংগীতৰ ব্যৱস্থা কৰা, পদপথৰ দোকানসমূহৰ সম্পূৰ্ণ পৰিচয় ৰখা, ভি ভি আই পিৰ বাবে বেৰিকেডৰ ব্যৱস্থা কৰা আদিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।
প্ৰতিখন পূজাস্থলীত হেল্প ডেস্কৰ ব্যৱস্থা কৰিবলৈ সমিতিসমূহক আহ্বান জনাইছে। যান-বাহন চালনাৰ নীতি-নিদেৰ্শনা পালন কৰি দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে পৰিবহণ বিভাগে প্ৰস্তুত কৰা সজাগতামূলক ভিডিঅ' সকলো পূজা সমিতিক পূজাস্থলীত প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে ।