ডিজিটেল সংবাদঃ অৱশেষত ৩০ সংগঠনৰ ওচৰত স্থিতি স্পষ্ট কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মঙলবাৰে ৩০ জাতীয় সংগঠনৰ সৈতে জুইশাল ৰেস্তোৰাত আলোচনা সম্পন্ন কৰে শইকীয়াই। উল্লেখ্য যে, দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে অসম বিধানসভাত ভুল মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছিল দল-সংগঠনসমূহে। লগতে দেৱব্ৰত শইকীয়াই স্থিতি স্পষ্ট নকৰিলে ৪ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ সম্বৰ্ধনা সভা পাতিবলৈ নিদিয়াৰো হুংকাৰ দিছিল দল-সংগঠনৰ নেতৃত্বই।
অৱশেষত দল-সংগঠন সমূহেৰে স্থিতি স্পষ্ট কৰি জয়সাগৰস্থিত জুইশাল ৰেস্তোৰাঁত এসাঁজ ভাত খাই জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে। পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত দেৱব্ৰত শইকীয়াই কয় যে, হিন্দু ধৰ্মত ঔম শব্দটোৰ হাজাৰ অৰ্থ আছে। ঠিক তেনেকৈ মই যিখিনি কথা কৈছিলো তাক লৈ সংগঠনসমূহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। মই আগতেই কৈছো মুখ্যমন্ত্ৰীয়ে কথাৰে সাত হাল বায়।তেখেতে এটা গিলাচত যদি আধা গিলাচ পানী থাকে তেখেতে আধা ভৰ্তি বুলিও ক'ব পাৰে ঠিক তেনেকৈ মোৰ কথাখিনিক লৈ তেখেতে সদনত টুইষ্ট কৰিছিল। যাৰ ফলত অলপ ভুল বুজাবুজি হৈছিল।
ইফালে এই আলোচনা সন্দৰ্ভত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই কয়, বিৰোধী দলপতিগৰাকীয়ে কৈছে যে তেখেতৰ ব্যক্তব্যক বিকৃত কৰা হৈছে। তেওঁ এনেধৰণৰ কথা কোৱা নাই। গতিকে কথাখিনি ইমানতে শেষ হৈছে।