/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/512e5916-78b3-466e-92cc-d7d032cf0e9b/7.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত বৃহস্পতিবাৰে জিলা কৃষি বিভাগৰ এটা দলে বিষাক্ত পাৰ্থেনিয়ামে আৱৰি ধৰা শুৱালকুছি আৰু বামুণ্ডীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে।
বিষয়টো জিলা আয়ুক্ত কীৰ্তি জল্লীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁৰ নিৰ্দেশত জিলা কৃষি বিষয়াই এখন ছজনীয়া কমিটি গঠন কৰি অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰে।
কমিটিখনত আছে জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালিকা মধুমিতা দেৱী, কৃষি বিজ্ঞান কেন্দ্ৰৰ, বিষয়বস্তু বিশেষজ্ঞ ড° দৰদী প্ৰিয়ম দুৱাৰা, দুই মহকুমা কৃষি উন্নয়ন বিষয়া ক্ৰমে কিশোৰ কুমাৰ তালুকদাৰ আৰু মানস প্ৰতিম মহন্ত তথা ভাস্বতী শৰ্মা আৰু কংকনা নাথ, বংশৰ আৰু ৰামদিয়াৰ কৃষি উন্নয়ন বিষয়াদ্বয়।
বিষাক্ত পাৰ্থেনিয়ামে আৱৰি ধৰা শুৱালকুছি আৰু বামুণ্ডীৰ অঞ্চলসমূহ পৰিদৰ্শন কৰি দলটোৱে সেই অঞ্চলৰ ৰাইজক এই গছৰ অপকাৰিতা সম্পৰ্কে অৱগত কৰে আৰু লগতে এই গছ বিস্তাৰ ৰোধৰ বিভিন্ন কৌশল সম্পৰ্কে আলোচনা কৰে।