কামপুৰৰ বৰচুং আৰু কাকতিগাঁৱত কপিলীৰ খহনীয়াৰ তাণ্ডৱ...

কপিলীৰ বুকুত জাঁহ গৈছে কোটি টকাৰ শৈল্য বান্ধ

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বৰচুং আৰু কাকতিগাঁৱত কপিলীৰ খহনীয়াৰ তাণ্ডৱ...

ডিজিটেল সংবাদ, কামপুৰঃ বানৰ পিচত কামপুৰত আৰম্ভ হৈছে খহনীয়া।কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাকতিগাঁও আৰু বৰচোঙত এইবাৰ কপিলী নদীৰ খহনীয়াৰ তাণ্ডৱ।দুই খন ঠাইতে নিতৌ চপৰা-চপৰে খহিছে কপিলীৰ গৰা। কামপুৰৰ বৰচুঙত কপিলীৰ তীব্ৰ খহনীয়াৰ কবলত জলসম্পদ বিভাগে নিৰ্মাণ কৰা কোটি টকীয়া শিলাস্তৰলৈ ভাবুকি আহি পৰিছে।

Advertisment

সমগ্ৰ কপিলী পাৰৰ দক্ষিণ অঞ্চলৰ ৰাইজক বানৰ পিছত কপিলীৰ খহনীয়াই নৈপৰীয়া ৰাইজক চিন্তিত কৰি তুলিছে । সমষ্টি পুনঃৰ্নিধাৰণৰ পিছত ৰহা সমষ্টিৰ পৰা বঢ়মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱা কামপুৰৰ গাৰোখুন্দা পঞ্চায়তৰ বৰচুঙত কপিলীৰ খহনীয়াৰ কবলত পৰিছে জলসম্পদ বিভাগে বিগত বৰ্ষত নিৰ্মাণ কৰা এটা শিলবান্ধ । স্থানীয় লোকৰ ভাষ্য অনুসৰি, জলসম্পদ বিভাগৰ অধীনত বিগত বৰ্ষত ৬ কোটি টকা ব্যয় সাপেক্ষে ৬০০ মিটাৰ দৈৰ্ঘ্যৰ উক্ত শিলবান্ধটো বৰচুঙত নিৰ্মাণ কৰা হৈছিল ।

শিলবান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত নৈপৰীয়া ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও এটা বছৰৰ পিছত আজি বান্ধটোৰ প্ৰায় ২৫ মিটাৰ খহাই নিয়াৰ লগতে কেইবা ঠাইতো ফাট মেলি বহি যোৱাত শংকিত হৈ পৰিছে বৰচুং গাওঁবাসীৰ লগতে নৈপৰীয়া ৰাইজ । নিৰ্মাণৰ এটা বছৰৰ পিছতে শিলবান্ধটো কিয় খহিব লগা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰি স্থানীয় ৰাইজে নিৰ্মাণৰত সময়ত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

ৰাইজে জলসম্পদ মন্ত্ৰী পীয়ুজ হাজৰিকাক শিলবান্ধটোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।আনফালে ৰজাসম্ৰাটৰ অন্তৰ্গত কামপুৰৰ কাকতিগাঁৱত কপিলীৰ ভয়াবহ খহনীয়াৰ কৱলত পৰি কেইবাটাও পৰিয়ালে ইতিমধ্যে হেৰুৱাইছে নিজৰ ঘৰ-ভেটি। আৰু বহু লোকৰ ঘৰ-ভেটি নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে।

প্ৰায় চাৰি-পাঁচ বছৰ আগৰ পৰাই ৰহাৰ কাকতিগাঁৱৰ এই অঞ্চলত সৃষ্টি হৈ আছে কপিলী নদীৰ ভয়াৱহ খহনীয়া। খহনীয়াৰ কৱলত পৰি জাহ গ'ল বহু কৃষি ভূমি। লাহে লাহে ইয়াৰ মথাউৰিটোও খহাই নিলে কপিলীয়ে আৰু খহনীয়া আগুৱাই আহিল জন বসতি অঞ্চললৈ। শেহতীয়াকৈ এই অঞ্চলটোও কপিলী নদীৰ বানৰ কৱলত পৰিছিল আৰু বানৰ পিচত খহনীয়াই ধাৰণ কৰিছে অধিক ভয়ংকৰ ৰূপ। এই খহনীয়াৰ বাবেই কেইবাটাও পৰিয়াল ইতিমধ্যে গৃহহাৰা হৈ পৰিছে আৰু বহু পৰিয়ালৰ ঘৰ বাৰী নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। খহনীয়াৰ কৱলত পৰা বহু লোকে নিজৰ ঘৰ-দুৱাৰ ভাঙি অন্য ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে।

কিয়নো কোন মূহুৰ্ত্বত নিজৰ আপোন ঘৰখন নদীৰ বুকুত জাহ যায় তাৰ কোনো নিশ্চয়তা নাই। স্থানীয় ৰাইজে কেইবা বছৰৰ পৰা হৈ থকা এই খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় বিধায়ক আৰু জলসম্পদ বিভাগক বহু আবেদন-নিবেদন কৰিছে আজিকোপতি চৰকাৰে এই খহনীয়া ৰোধৰ কোনো পদক্ষেপ নল'লে। যাৰবাবে খহনীয়াই অধিক কালৰূপ ধৰিছে অঞ্চলটোত। লগে লগে চৰম দু:শ্চিন্তাত দিন কটাবলগীয়া হৈছে খহনীয়াৰ কৱলত পৰা লোকসকলে। সেয়ে এই ভয়াৱহ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি গৃহহীন হৈ পৰা লোকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছে দুৰ্যোগপিড়িত লোকসকলে।

Also Read: হোজাইত কিশোৰী বলাৎকাৰীক যাৱজ্জীৱন কাৰাদণ্ড...

কামপুৰ