হোজাইত কিশোৰী বলাৎকাৰীক যাৱজ্জীৱন কাৰাদণ্ড...

হোজাইত কিশোৰী বলাৎকাৰীক যাৱজ্জীৱন কাৰাদণ্ড...

author-image
Asomiya Pratidin
New Update
হোজাইত কিশোৰী বলাৎকাৰীক যাৱজ্জীৱন কাৰাদণ্ড...

ডিজিটেল সংবাদ, লংকাঃ হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান। ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা গোচৰত জয় প্ৰকাশ হালুৱা(৩৮)ক যাৱজ্জীৱন কাৰাদণ্ড। উল্লেখ যে, ২০২১ চনৰ ২০ ফ্ৰেব্ৰুৱাৰীত হোজাইৰ যোগীজানৰ বৰহলা গাওৰ এখন বিয়াত ৭ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰি পথাৰত পেলাই থৈ গৈছিল জয় প্ৰকাশ হালুৱা নামৰ লোকজনে।।

Advertisment

পৰবৰ্তী সময়ত কিশোৰী গৰাকীৰ পিতৃয়ে হোজাই আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ। হোজাই আৰক্ষী থানাৰ ১০৯/২১ নম্বৰত পঞ্জীভূত গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত জয় প্ৰকাশ হালুৱাক। উক্ত ঘটনা সন্দৰ্ভত হোজাইৰ শংকৰদেৱ নগৰ আদালতত চলি আছিল বিচাৰ প্ৰক্ৰিয়া।

আজি বিচাৰ প্ৰক্ৰিয়াৰ প্ৰায় ৩ বছৰৰ অন্তত: হোজাইৰ শংকৰদেৱ নগৰস্হিত জিলা সত্ৰ ন্যায়ধীশ আদালতে ৩৭৬/৩০২ IPC, ৬ POCSO এক্টৰ অধীনত অভিযুক্ত জয় প্ৰকাশ হালুৱাক যাৱত জীৱন কাৰাদণ্ড দিয়াৰ লগতে ২৫ হাজাৰ টকা জৰিমনা বিহে।উল্লেখ্য যে, হোজাইৰ শংকৰদেৱ নগৰৰ চৰকাৰী অধিৱক্তা লক্ষণ দাসে ভোক্তভোগী কিশোৰী গৰাকীৰ পক্ষে আদালতত ন্যায় যুক্তি দৰ্শাইছিল।।

Also Read: ডিব্ৰুগড়-তিনিচুকীয়াত মন্ত্ৰী পীযুষ হাজৰীকাঃ খহনীয়া প্ৰতিৰোধৰ বাবে দুটা শিতানত মুঠ ৩২৯ কোটি টকাৰ আঁচনি অনুমোদন...

হোজাই