কামপুৰত চাঞ্চল্যকৰ ঘটনা, আৰক্ষীৰ জালত গাড়ী চুৰি চক্ৰ

বৃহস্পতিবাৰে নিশা কামপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। কামপুৰ মনোহৰ গাঁৱৰ দুই যুৱকে গুৱাহাটীৰ পৰা কামপুৰলৈ ভাড়া কৰে এখন গাড়ী। এএছ১২-এএ-১৮৩৮ নম্বৰৰ বাহনখন কামপুৰলৈ লৈ অনাৰ বাটতে ফটাঝাৰ অঞ্চলত গাড়ী চালকক আক্ৰমণ কৰে দুই যুৱক গণেশ দাস আৰু চম্পক দাসে।

author-image
Asomiya Pratidin
New Update
গাড়ী চালকক হত্যাৰ চেষ্টা

গাড়ী চালকক হত্যাৰ চেষ্টা

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে নিশা কামপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। কামপুৰ মনোহৰ গাঁৱৰ দুই যুৱকে গুৱাহাটীৰ পৰা কামপুৰলৈ ভাড়া কৰে এখন গাড়ী। এএছ১২-এএ-১৮৩৮ নম্বৰৰ বাহনখন কামপুৰলৈ লৈ অনাৰ বাটতে ফটাঝাৰ অঞ্চলত গাড়ী চালকক আক্ৰমণ কৰে দুই যুৱক গণেশ দাস আৰু চম্পক দাসে। গাড়ীচালক তেজপুৰৰ পংকজ বৰ্মনক মৰিল বুলি পেলাই থৈ গাড়ীখন লৈ উধাও হয় ধৃত দুই যুৱক।

Advertisment

ইফালে, নিশা পেট্ৰলিঙত থকা আৰক্ষীয়ে গাড়ীসহ গাড়ী চুৰি চক্ৰৰ লগত জড়িত দুই চোৰক গ্ৰেপ্তাৰ কৰে। আহত পংকজ বৰ্মনক নিশাই সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ দত্তৰ নেতৃত্বত চলিছিল এই অভিযান। ঘটনাটোৱে কামপুৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কামপুৰ গাড়ী চোৰ