/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a450b60d-c072-4009-af8e-6e00a6ebf8cf/5.jpg)
ডিজিটেল সংবাদ,ধেমাজি: শনিবাৰে ধেমাজি তিনি আলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি সদৰ আঞ্চলিক সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে।
যুৱ ছাত্ৰ পৰিষদৰ নেতা দেৱজিত চুতীয়াই কয় যে, সম্প্রতি দেশত তোলপাৰ লগাই থকা নীট-ইউজি আৰু নেটৰ কেলেংকাৰিক লৈ চৰ্চা চলি থকাৰ লগতে অসমত সমৰ্থ পোৰ্টেলৰ জৰিয়তে নামভৰ্তিত হোৱা বিসংগতি আৰু এনেদৰে পৰীক্ষাৰ পূৰ্বেই প্রশ্নকাকত ফাদিল হোৱা পৰীক্ষাসমূহ হৈছে চাকৰিৰ নিযুক্তি পৰীক্ষা অথবা উচ্চ শিক্ষাৰ বাছনি পৰীক্ষা। এনেধৰণৰ দুষ্কাৰ্য পৰীক্ষা মাফিয়া চক্ৰ আৰু একাংশ ক্ষমতাশালী ৰাজনীতিকৰ ছত্ৰছায়াত সংঘটিত হৈ আহিছে।
ফলত অগণন পৰীক্ষাৰ্থীক মানসিকভাৱে ভাৰাক্ৰান্ত কৰা এনে দুষ্কাৰ্য বন্ধ কৰাত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ব্যৰ্থ হোৱাৰ অভিযোগ কৰে সংগঠনটোৰ নেতৃত্বই। লগতে বিজেপি চৰকাৰ বিৰোধী নানান শ্ল’গানেৰে ধেমাজিৰ ৰাজপথ উত্তপ্ত কৰি তোলে৷
Also Read: কোন ঠিকাদাৰে মৃত্যুৰ ভাবুকি দিছিল সুনীলক ?