কলিয়াবৰত যৱনিকা পৰিল “শ্যামলী কলিয়াবৰ“ নামৰ নাটকৰ!

২বছৰ পূৰ্বে কলিয়াবৰত ৰোপন কৰা ১লাখ গছ পুলি ক'ত?
কলিয়াবৰত যৱনিকা পৰিল “শ্যামলী কলিয়াবৰ“ নামৰ নাটকৰ!

ডিজিটেল সংবাদ, কলিয়াবৰঃ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। এফালে গৰম আনফালে বনানীকৰণৰ ভেকোভাওনা ৷ গৰমৰ লগে লগে চৰ্চালৈ আহিছে অমৃত বৃক্ষ আন্দোলনৰ কথা। তাৰ সমান্তৰালকৈ কলিয়াবৰত চৰ্চা চলিছে দুবছৰ আগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গ্ৰহণ কৰা এক কাৰ্যসূচীৰ প্ৰসংগ। ২০২২ বৰ্ষৰ পৰিৱেশ দিৱসত ১৫ মিনিটত এক লাখ গছ পুলি ৰোপন কৰা হৈছিল কলিয়াবৰত। পিছে ১ লাখ গছ পুলিৰ অধিকাংই এতিয়া অস্তিত্বহীন।

উল্লেখযোগ্য যে, ২০২২ বৰ্ষত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু বিজ্ঞান-প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা হৈছিল "শ্যামলী কলিয়াবৰ" শীৰ্ষক এক কাৰ্যসূচী। ২০২২ বৰ্ষৰ পৰিৱেশ দিৱসত সেউজ কলিয়াবৰৰ সপোনৰে ১৫ মিনিটত এক লাখ গছ পুলি ৰোপন কৰা হৈছিল কলিয়াবৰত।

গায়ন-বায়নৰে মাংগলিক পৰিৱেশৰ সূচনা কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজৰে কলিয়াবৰৰ গাঁৱে-ভূঞে ৰোপন কৰা হৈছিল গছপুলিসমূহ। কলিয়াবৰৰ সমগ্ৰ প্ৰশাসন ব্যৱস্থাৰ লগতে চৰকাৰী সমূহ বিষয়া-কৰ্মচাৰী ’শ্যামলী কলিয়াবৰ’ কাৰ্যসূচীত নিয়োজিত হৈ গ্ৰাম্য পথৰ দুয়োকাষে শাৰী শাৰীকৈ গছ পুলি ৰুই মেৰ দিয়াৰ ব্যৱস্থা কৰিছিল । দেখিলেই ভাল লগা এটা পৰিৱেশ।

পিছে একেখিনি ঠাইৰে দুবছৰ পিছৰ পূৰ্বৰ ভাললগা পৰিৱেশ এতিয়া আৰু নাই। উক্ত স্থানসমূহত দুবছৰ পূৰ্বে ৰোৱা গছপুলিৰ চিনচাব নাই। ক'ৰবাত ক'ৰবাত পৰিত্যক্ত হৈ পৰি আছে গছপুলিত দিয়া মেৰবোৰ। হাবি-জংঘলে আবৰি ধৰিলে পথৰ কাষৰ গছপুলি ৰোপনৰ স্থানসমূহ। ক'ৰবাত কোনোমতে বাচি আছে একোটা পুলি।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, গছপুলি ৰোপনৰ নামত কোনো কোনো স্থানত কেৱল প্লাষ্টিকৰ মেৰটো দিয়েই দায়িত্ব সামৰিছিল প্ৰশাসনে। ৰোপন কৰা পুলিসমূহো নাছিল উপযুক্ত। ফলত কম দিনৰ ভিতৰতে যৱনিকা পৰিল "শ্যামলী কলিয়াবৰ" নামৰ নাটকখনৰ।

উল্লেখ্য যে, দিনক দিনে গৰমৰ প্ৰকোপ বৃদ্ধিৰ বিপৰীতে বনানীকৰণৰ নামত চলা এনে নাটকৰ বাবেই বিপৰ্যস্ত হৈ পৰিছে পৰিৱেশৰ ভাৰাসাম্য। সমান্তৰালভাৱে অবাধ বনধ্বংস আৰু প্ৰদূষণে ভয়াবহ সংকট কঢ়িয়াই আনিছে ধৰালৈ।

কলিয়াবৰত যৱনিকা পৰিল “শ্যামলী কলিয়াবৰ“ নামৰ নাটকৰ!
GSTৰ জালিয়াতিৰ কেলেংকাৰীত অভিযুক্ত শুভাংকু পালক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in