GSTৰ জালিয়াতিৰ কেলেংকাৰীত অভিযুক্ত শুভাংকু পালক গ্ৰেপ্তাৰ

GSTৰ জালিয়াতিৰ কেলেংকাৰীত অভিযুক্ত শুভাংকু পালক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি তিনি আলিত জি.এচ.টিৰ পৰামৰ্শদাতাৰ কম্পিউটাৰ প্ৰাইভেট দোকান খুলি ধেমাজি জিলাখনৰ ৬০ৰো অধিক ব্যৱসায়ীৰ পৰা ৫০ কোটিৰ অধিক টকা জালিয়াতিৰে সৰকাইছিল শুভাংকু পালে। তিনি বছৰে পলাতক হৈ থকা আচামী শুভাংকু পালক অৱশেষত শনিবাৰে ধেমাজি আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে বিগত ২০২১ চনতেই ধেমাজি সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা জি এচ টিৰ জালিয়াতিৰ কেলেংকাৰী জড়িত পলাতক শুভাংকু পালক বিগত তিনি বছৰে ধেমাজি আৰক্ষীয়ে বিচাৰি আছিল ৷ এক বিশেষ তথ্যৰ ভিত্তিত শনিবাৰে ধেমাজি আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰে৷

ধেমাজি আৰক্ষীয়ে ধেমাজি অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই দেওবাৰে ধেমাজি মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰায়। আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে ৬ দিনৰ কাৰণে ধেমাজি আৰক্ষীয়ে জিম্মাত লয় ৷ এক সূত্ৰই জনোৱা মতে কোটি টকাৰ জি এচ টি কেলেংকাৰীৰ ঘটনাৰ সৈতে বিক্ৰী কৰ বিভাগৰ বহু বিষয়া কৰ্মচাৰী জড়িত তথ্য পোহৰলৈ অহা সম্ভাৱনা আছে ৷

GSTৰ জালিয়াতিৰ কেলেংকাৰীত অভিযুক্ত শুভাংকু পালক গ্ৰেপ্তাৰ
মিজোৰামত ১.০৬ কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in