/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/95ba569a-b877-42f0-955e-fe233af01938/5.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ উদ্যোগত হাটবৰত সাৰ্বজনীনভৱে শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞৰ ধৰ্মালোচনী সভা আয়োজন কৰা হয়। কলিয়াবৰ আঞ্চলিক যাজক উপ সমিতিৰ ব্যৱস্থাপনাত আৰু কলিয়াবৰ আঞ্চলিক ব্ৰাহ্মণ মহিলা মঞ্চৰ সহযোগত অনুষ্ঠিত সভাত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট শিক্ষাবিদ,পণ্ডিত প্ৰভাত গোস্বামী৷
বিশ্বশান্তিৰ কামনাৰে ৪ দিনীয়াকৈ আয়োজিত যজ্ঞৰ ধৰ্মালোচনী সভাখন আজি সফলতাৰে সম্পন্ন হয়৷ বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা ধৰ্মালোচনী সভাখন উদ্বোধন কৰে প্ৰভাত গোস্বামীয়ে৷ বিশিষ্ট পণ্ডিত ৰোহিনী বল্লভ গোস্বামীয়ে সংস্কৃততে ভাষণ প্ৰদান কৰি বিশ্বশান্তিৰ বাবে মানৱ জীৱন সকলোৱে উচৰ্গা কৰা উচিত বুলি মন্তব্য কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8ed33192-b7c8-4aca-b5e6-8b0a465c36da/a32c335a-a4c9-48f1-93a2-09ad00c66505.jpg)
বেদানন্দ ভাগৱতীয়ে আঁত ধৰা সভাখনিৰ আদৰণি ভাষণ প্ৰদান কৰে যাজক উপ সমিতিৰ সভাপতি তৰুণ বৰঠাকুৰে৷ সভাখনত উপস্থিত থাকি কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কয়, কলিয়াবৰ ব্ৰাহ্মণ সমাজ কলিয়াবৰৰে নহয়, অসমৰে পুৰণি অনুষ্ঠান সমূহৰ ভিতৰত এটা৷ এই অনুষ্ঠানে সমাজৰ হিতৰ বাবে জন্মলগ্নৰেপৰা কৰ্ম কৰি আহিছে৷ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি নৰেন্দ্ৰনাথ শৰ্মা৷
এই সভাতে মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট পণ্ডিত যজ্ঞপতি শাস্ত্ৰী আৰু বিশিষ্ট গল্পকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, ধীৰেণ বৰঠাকুৰ, ৰাজেন শৰ্মাক সম্বৰ্ধনা জনোৱা হয়৷ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ উপলক্ষে প্ৰথম দিনা অৰ্থাৎ ১৭ মে’ৰ পুৱা ৯ বজাত পৰিবেশ নিকাকৰণৰ পাছতে দহ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে মহাবিষ্ণু যজ্ঞৰ আচাৰ্য তোষেশ্বৰ দেৱশৰ্মাই৷ এই অনুষ্ঠানৰ শেষৰ দিনটোৰ প্ৰথমতে মঙ্গলাচৰণৰ পাছতে আহুতি প্ৰদান কৰা হ'ব। পৰৱৰ্তি সময়ত ক্ষেত্ৰপালৰ পূজা পূৰ্ণাহুতিৰে সমগ্ৰ অনুষ্ঠানৰ সামৰণি পৰিব৷
Also Read: দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱন বৰুৱাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন..