দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱন বৰুৱাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন..

দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱন বৰুৱাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন..

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্য কপোৱা দেৱলীনা সোণোৱাল হত্যাকাণ্ডৰ মূল অভিযুক্ত স্বামী পৱন বৰুৱাৰ পৰিয়ালক চিৰদিনৰ বাবে সামাজিকভাৱে বৰ্জন কৰিলে  ৰাইজে। দেওবাৰে ঢকুৱাখনা নাৰায়নপুৰ চাপৰি গাঁৱৰ ৰাইজে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।দেওবাৰে দুপৰীয়া গাঁওবাসীৰ উদ্যোগত নাৰায়নপুৰ চাপৰি হৰিমন্দিৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। 

জ্যেষ্ঠ নাগৰিক কনক কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে গ্ৰামোন্নয়ন সম্পাদক বিপুল কোঁৱৰে। শতাধিক গাঁওবাসী পুৰুষ-মহিলা উপস্থিত থকা সভাত সৰ্ব সন্মতভাবে এনে নিকৃষ্ট আৰু জঘন্য কাণ্ড সংঘটিত কৰাৰ বাবে হত্যাকাৰী পৰিয়ালটোক এঘৰীয়া কৰে। লগতে ভৱিষ্যতলৈ কোনো সামাজিক সম্পৰ্ক নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰোপৰি গাঁওখনৰ পৰা বিভিন্ন সামাজিক সমস্যা দূৰ কৰা, মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰা,ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰখাকে প্ৰমুখ্য কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

গাঁওখনৰ সামাজিক পৰিবেশ বিঘ্নিত কৰা সকলো অশুভ শক্তিক গাঁওখনৰ পৰা উৎখাত কৰাৰ সংকল্প গ্ৰহণ কৰি এনে অমানৱীয় ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে  ৰাজহুৱা সভাই বহুকেইখন উপ সমিতি গঠন কৰি দিয়ে।

সভাত কনক কোঁৱৰ, ৰূপামণি কোঁৱৰ,কুমধৰ মেধি,দেৱ গগৈ,ৰাতুল কোঁৱৰ,চেনাই জ্যোতি দাস, ভুধৰ কোঁৱৰ আদি বহু কেইগৰাকী ব্যক্তিয়ে বক্তব্য আগবঢ়াই এনে ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তালৈ গাঁওবাসী ৰাইজে সতৰ্ক দৃষ্টি ৰখাৰ সহমত পোষণ কৰা হয়।

ইয়াৰোপৰি পৱন বৰুৱাৰ হৈ কোনো অধিবক্তাই যাতে ওকালতি নকৰে তাৰ বাবেও ৰাজহুৱা আহ্বান জনায় ৰাইজে। উল্লেখ্য যে, সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত কেঁকুৰী কছাৰী গাঁৱৰ দেৱলীনা সোণোৱালক বিয়া পাতি ৩ মাহ অতিক্ৰম নকৰোতেই নিৰ্মম নিৰ্যাতন কৰি হত্যা কৰা অভিযোগ উত্থাপন হৈছে নাৰায়নপুৰ চাপৰি গাঁৱৰ পৱন বৰুৱাৰ বিৰুদ্ধে। অভিযুক্ত পৱন বৰুৱাক ২২ মে' পৰ্যন্ত ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীৰ জিম্মাত ৰাখিব।

দেৱলীনা হত্যাকাণ্ডঃ স্বামী পৱন বৰুৱাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন..
ইৰানৰ ৰাষ্ট্ৰপতিৰ হেলিকপ্টাৰ সন্ধানহীন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in