বেজকুছিত ১০৬ সংখ্যক কালী পূজাৰ আয়োজন

বেজকুছিত ১০৬ সংখ্যক কালী পূজাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
বেজকুছিত ১০৬ সংখ্যক কালী পূজাৰ আয়োজন

ডিজিটেল সংবাদ, পাটাছাৰকুছি : পাটাছাৰকুছিৰ বেজকুছিত অতীত কালৰে পৰা কৰি অহা বজালী অন্যতম প্ৰাচীন কালী পূজা এইবাৰ ১০৬ বছৰত ভৰি দিছে ৷ এইবাৰো বিভিন্ন কাৰ্যসূচীৰে এই পূজাৰ আয়োজন কৰা হৈছে ৷

Advertisment

১৯১৮ চনত এই পূজাৰ আৰম্ভণি কৰিছিল সমাজকৰ্মী চক্ৰধৰ চৌধুৰীয়ে ৷ বেজকুছি গাঁৱৰ সহায় সহযোগিতাত পৰবৰ্তী সময়ত তেওঁৰ পৰিয়ালৰ লোকে পৰম্পৰা ৰক্ষা কৰি এই পূজা আগবঢ়াই আহিছে৷ পিচত তেখেতৰ নাতি নাতিনী, আত্মীয় কুটুমসকলে পূজা পৰিচালনা কৰি আহিছে ৷

এইবাৰ দুদিনীয়াকৈ পালন কৰা হ'ব এই পূজা ৷ ৩১ অক্টোবৰ আৰু ১নবেম্বৰত পালন কৰা পূজা পৰিচালনাৰ বাবে চক্ৰধৰ চৌধুৰীৰ নাতি চিত্ৰ শিল্পী তথা অৱসৰী প্ৰবক্তা পংকজপদ দেবচৌধুৰীক সভাপতি হিচাপে লোৱা হৈছে।

একেদৰে বিশিষ্ট প্ৰকাশক তথা সদৌ অসম পুথি প্ৰকাশক তথা বিক্ৰেতা সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীক মুখ্য সচিব আৰু নাতি তথা অৱসৰী প্ৰবক্তা গিতিকা গোস্বামীক বিত্ত সচিব হিচাপে লৈ গঠন কৰা পূজা পৰিচালনা সমিতিয়ে পূজাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে ৷ উদ্যোক্তা সকলে পূজাত সকলোৰে উপস্থিতি কামনা কৰিছে ৷

Also Read: চৰ্দাৰ বল্লভভাই পেটেলৰ ধাৰণাক নৱপ্ৰচেষ্টাৰে আগুৱাই নিছে মোডী চৰকাৰেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...

PATACHARKUCHI