ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ আজি লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিৱস উপলক্ষে ডিব্ৰুগড়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত 'ৰাষ্ট্ৰীয় একতা দিৱস'ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত দেশৰ ঐক্য, অখণ্ডতা আৰু সুৰক্ষাৰ মূলমন্ত্ৰেৰে ভাৰ্চুৱেলী যোগদান কৰা অসংখ্য সহকৰ্মীৰ সৈতে তেখেতে শপতবাক্য বাক্য পাঠ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/0wjgaq3b/8b42cde2-34ff-45ed-9467-d3aeb140de02.jpg)
এই উপলক্ষে ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে দেশৰ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰণাক বৰ্তমানৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এটা দশক ধৰি অতি আন্তৰিকতা আৰু ন ন প্ৰচেষ্টাৰে আগবঢ়াই লৈ গৈছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ৰাষ্ট্ৰবাদী চেতনাৰে দেশবাসীক অনুপ্ৰাণিত কৰাৰ লগতে দেশবাসীক একত্ৰিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে। চৰ্দাৰ পেটেলৰ সাহসী আৰু নিঃস্বাৰ্থ প্ৰচেষ্টাই স্থাপন কৰা শক্তিশালী ভেটিৰ ওপৰতে আজি দেশখনে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাক বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়িছে। চৰ্দাৰ পেটেলে প্ৰশস্ত কৰা পথটোৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ সৰ্বাংগীণ উন্নয়নৰ নেতৃত্ব দিবলৈ ন উদ্যমেৰে অগ্ৰসৰ হৈছে। এখন শক্তিশালী দেশ গঢ়াৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ অমূল্য অৱদানৰ বাবে তেখেতলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ।”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/rmduajq9/85263d85-04cc-4850-815d-948db84eeb9d.jpg)
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি আগবঢ়ায় কংগ্ৰেছক কঠোৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে কয়, "কংগ্ৰেছে কেতিয়াও চৰ্দাৰ বল্লভভাই পেটেলক উচিত সন্মান প্ৰদান কৰা নাছিল। তেখেতৰ দৰে মহান ব্যক্তিজনক প্ৰাপ্য সন্মানৰ পৰা সদায় বঞ্চিত কৰি ৰাখিছিল। দশক দশক ধৰি কংগ্ৰেছে চৰ্দাৰ পেটেলৰ কৰ্মৰাজিক অন্ধকাৰত ৰাখি দেশৰ জনতাৰ লগত অক্ষমণীয় অপৰাধ কৰিছিল। দেশৰ বাবে চৰ্দাৰ পেটেলৰ অগণন অৱদানৰ বাবে কংগ্ৰেছে তেওঁক উদ্দেশ্যপ্ৰণোদিতভাৱেই জনমানসৰ পৰা আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আজি ভাৰতৰ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱন পৰিক্ৰমা আৰু অতুলনীয় কৰ্মৰাজি উদযাপন কৰি শক্তিশালী, সুৰক্ষিত আৰু সংহত ভাৰত গঢ়াৰ দিশত দেশৰ জনতাক অনুপ্ৰাণিত তথা দায়বদ্ধ কৰা হৈছে। আজি আমি চৰ্দাৰ পেটেলৰ জন্মবাৰ্ষিকী উদযাপন কৰাৰ সময়ত কংগ্ৰেছৰ কুটিল অভিসন্ধি কোটি কোটি ভাৰতীয়ৰ সন্মুখত সম্পূৰ্ণৰূপে নিঃশেষ হৈ গৈছে। আমাৰ দেশখনক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব দি থকাৰ সময়ত চৰ্দাৰ পেটেলৰ আদৰ্শই আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। এখন শক্তিশালী আৰু বিকশিত ভাৰত গঢ়াৰ অনিৰুদ্ধ যাত্ৰাত চৰ্দাৰজীৰ আদৰ্শ পাথেয় হৈ ৰ'ব।”
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/xp0sodka/020e539f-6887-45b1-bd67-4cd39a7f5be9.jpg)
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সাংসদ ৰামেশ্বৰ তেলী, বিধায়কদ্বয় প্ৰশান্ত ফুকন আৰু পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰ'-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা আয়ুক্ত বিক্ৰম কৈৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ কাকতি, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-31/s61zf152/650bbcd4-d89a-45dd-8dbe-dca954712a84.jpg)