পৰ্যটকৰ বাবে মুকলি কৰা হল কালামাটি...

অসমৰ পৰ্যটন মানচিত্ৰত নতুন সংযোজন চিৰাঙৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ অপৰূপ ক'লা বগা শৈল পাহাৰত প্ৰাকৃতিক ভাৱে নিৰ্মিত ভাষ্কৰ্য্যৰ সৌন্দৰ্য্যৰে ভৰপুৰ কালামাটি
পৰ্যটকৰ বাবে মুকলি কৰা হল কালামাটি...

ডিজিটেল সংবাদ, চিৰাং : এতিয়া বনভোজৰ বতৰ ।নিজৰ পৰিয়াল তথা বন্ধু বৰ্গৰ সৈতে এটা দিন প্ৰকৃতিৰ কোলাত অতিবাহিত কৰিব সকলোৱে বিচাৰে । যত নেথাকিব যান্ত্ৰিক জীৱনৰ কোলাহল মুক্ত এক পৰিৱেশ , থাকিব প্ৰকৃতিৰ নিভাঁজ সৌন্দর্য । আপুনি বিচৰা ধৰণে তেনেকুৱা এক পৰ্যটন স্থলীৰ সন্ধান দিবলৈ ওলাইছো । অপৰূপ কলা বগা শৈল পাহাৰত প্ৰাকৃতিক ভাবে নিৰ্মিত ভাষ্কৰ্য্যৰ সৌন্দৰ্য্যৰে ভৰপুৰ এক নতুন পৰ্য্যটন স্থলী হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্ত তথা মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ আমটেকা ফৰেষ্ট ৰেঞ্জৰ নৱতম সংযোজন কালামাটি ।

চিৰাং জিলা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাপাগুৰীৰ পৰা আই নৈৰ হাগ্ৰামা দলং হৈ আমগুৰী হৈ কয়লা ময়লা বজাৰ লৈকে ১৫ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত কালামাটি টুৰিষ্ট গাইড এচোছিয়েচনৰ কৰ্মীৰ সহযোগত কালামাটি লৈ যাব পাৰিব। প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপুৰ বিভিন্ন বন্য জীৱ জন্তুৰ বিচৰণ স্থলী দীঘলীয়া সময় বড়ো বিদ্ৰোহী সংগঠনৰ সমূহৰ বিচৰণ স্থলী হিচাপে ব্যৱহৃত হোৱাৰ কাৰণে কালামটি এলেকা অশান্ত অঞ্চল হিচাপে চিহ্নিত আছিল ।

যাৰ কাৰণে দীঘলীয়া সময় কালামাটি আছিল পৰ্যটক সকলৰ বাবে আছিল নিষিদ্ধ এলেকা । কিন্তু বিটিআৰ শান্তিচুক্তিৰ পিছত সময় সলনি হল, এটা সময়ত হাতত বন্দুক লৈ সশস্ত্ৰ সংগ্ৰাম কৰা সেই বিদ্ৰোহী সংগঠনৰ সদস্য সকলেই হাতত ফুল লৈ পৰ্যটক সকলক আদৰিবলৈ আগবাঢ়ি আহিছে । ইমান দিনে প্ৰচাৰ প্ৰসাৰৰ আতঁৰত থকা কালামাটি অঞ্চলক এটা উল্লেখযোগ্য পৰ্যটন স্থলী হিচাপে গঢ় দিবলৈ নতুন প্ৰয়াস কৰা হৈছে ।

চিৰাঙৰ এই পৰ্যটন স্থলী কালামাটি ৰ প্ৰকৃতিৰ নিভাঁজ সৌন্দৰ্য্য উপভোগ কৰিবলৈ কালামাটি টুৰিষ্ট গাইড এচোছিয়েচনৰ সহযোগত পৰ্যটক সকলৰ সুবিধাৰ্থে মঙ্গলবাৰ দিনা বিটিচিৰ পৰ্যটন বিভাগৰ কাৰ্য্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে আনুষ্ঠানিক উদ্বোধন কৰে ।

উদ্ধোধন কৰি পৰ্যটন বিভাগৰ কাৰ্য্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে কয় যে অপৰূপ প্ৰাকৃতিক ভাষ্কৰ্য্যৰ সৌন্দৰ্য্যৰে ভৰপুৰ চিৰাং জিলাৰ এই ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তৰ কালামাটিক এটা আদৰ্শ পৰ্যটন স্থলী হিচাপে গঢ় দিবলৈ বিটিচিৰ পৰ্যটন বিভাগৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । লগতে পৰ্যটনৰ নামত যাতে মানাহ অভয়াৰণ্যৰ এই নৱতম সংযোগ আমটেকা ৰেঞ্জৰ এই এলেকাটো যাতে মানৱ সৃষ্ট প্ৰদুষণৰ চিকাৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সকলো পক্ষকে আহ্বান জনায়।

এটা প্লাষ্টিক মুক্ত পৰিৱেশ বৰ্তাই ৰখাৰ উপৰি নিচাজাতীয় সামগ্ৰী লৈ অভয়াৰণ্যত প্ৰৱেশ কৰি কোনেও যাতে বিশৃংখল পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখাৰ উপৰি আৰু প্ৰতি গৰাকী পৰ্যটক অতিথিপৰায়ণ মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায় । এই কালামাটি পৰিদৰ্শন কৰিবলৈ অহা প্ৰতিজন পৰ্যটকে যাতে এটা যোগাত্মক মনোভাৱ লৈ ঘৰলৈ উভতি যাব পাৰে সেই দিশটোক অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়, কাৰণ এয়াই পৰ্যটন স্থলী এটাক জনপ্ৰিয়তা কৰাত সহায়ক হয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in