অসম আন্দোলনৰ ছহিদ অক্ষেন্দ্ৰ তালুকদাৰৰ নিজ গৃহতে নিৰ্মাণ কৰা আৱক্ষ মূৰ্তি মুকলি কৰিলে মন্ত্রী ৰণজিৎ কুমাৰ দাসে

অসমীয়া গামোচাই GI TAG পোৱাত আনন্দিত মন্ত্রী ৰণজিৎ কুমাৰ দাস

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ ছহিদ অক্ষেন্দ্ৰ তালুকদাৰৰ নিজ গৃহতে নিৰ্মাণ কৰা আৱক্ষ মূৰ্তি মুকলি কৰিলে মন্ত্রী ৰণজিৎ কুমাৰ দাসে

ডিজিটেল সংবাদ, বজালী : ছয় বছৰীয়া বিদেশী বহিস্কাৰৰ দাবীত চলা অসম আন্দোলনত বজালী অঞ্চলৰ পৰা ছয় জনকৈ ছহিদ হৈছিল। সেই ছহিদ সকলৰ স্মৃতি ৰক্ষাৰ বাবে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে লৈছে বিশেষ উদ্যোগ। ৰাইজৰ আৰু পৰিয়ালৰ সহযোগত প্ৰতিজন ছহিদ পৰিয়ালৰ গৃহত নিৰ্মাণ কৰা হৈছে ছহিদৰ আবক্ষ মূৰ্তি।

Advertisment

১৯৮৩ চনত অসম আন্দোলনৰ কাৰ্যসূচীত আৰক্ষী, চি আৰ পিএফ বাহিনীৰ গুলিত মৃত্যু বৰণ কৰি ছহিদ ৰূপে স্বীকৃতি পোৱা বজালীৰ বামাখাটাৰ সন্তান অক্ষেন্দ্ৰ তালুকদাৰৰ নিজ গৃহতে নিৰ্মাণ কৰা আবক্ষ মূৰ্তি মুকলি কৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাঙ্গলিক ধ্বনিৰে মুকলি কৰা হয় আৱক্ষ মূৰ্তিটো। মন্ত্রী ৰণজিৎ কুমাৰ দাসে অসমীয়া জাতিৰ স্বাভিমান গামোচাই GI TAG পোৱা সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে।

আৰু পঢ়ক : ৰাজ্যত পুনৰ মৰেল পুলিচৰ দৌৰাত্ম্যঃ সংকটজনক অৱস্থাত চিকিৎসাধীন এজন...

assam RANJIT DAS