/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/1f8a8dd0-bfd6-4ccd-9d42-3e3ccc61d083/1.jpg)
-
নগাঁৱৰ কচুৱাত সংঘটিত হৈছে অঘটন।
-
প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰিল দুগৰাকী ছাত্ৰী।
-
ততাতৈয়াকৈ কচুৱা মডেল হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰী দুগৰাকীক।
-
কচুৱাৰ গাৰ্লচ হাইস্কুল আৰু কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰী চিকিৎসাধীন।
-
বৰ্তমানে কিছু পৰিমানে সুস্থ যদিও চিকিৎসকৰ তত্বাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ছাত্ৰী দুগৰাকীক।
-
উল্লেখ্য যে চৰকাৰে বান্ধি দিয়া নিয়ম মতেই ৰাতিপুৱা ৮ বজাৰ পৰাই বিদ্যালয়ৰ পাঠদান চলি আছিল আৰু ছুটিৰ কিছু সময় আগতেই এই ঘটনা সংঘটিত হয়।
Also Read: ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...