ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান, সবিশেষ...

ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ বৰ্তমানলৈ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত ৩বজালৈকে ভোটদানৰ হাৰ হৈছে ৪৯.২০শতাংশ।

বিয়লি ৩বজালৈকে পশ্চিম বংগত ভোটদাৰ হাৰ সৰ্বাধিক। ৭০.১৯শতাংশ ভোটদান সাব্যস্ত হৈছে পশ্চিম বংগত। ৩বজালৈকে সৰ্বনিম্ন ভোটাধিকাৰ সাব্যস্ত হৈছে জম্মু কাশ্মীৰত। ৰাজ্যখনত বিয়লি ৩বজালৈকে  ৪৪.৪১ শতাংশ ভোটদান সাব্যস্ত হৈছে।

দিনৰ ৩.০০বজালৈকে ৬ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলত ভোটদানৰ হাৰ এনেধৰণৰ-

·         বিহাৰ- ৪৫.২১শতাংশ

·         হাৰিয়ানা- ৪৬.২৫শতাংশ

·         জম্মু-কাশ্মীৰ- ৪৪.৪১শতাংশ

·         ঝাৰখণ্ড- ৫৪.৯৪শতাংশ

·         এন চি টি দিল্লী-  ৪৪.৫৮শতাংশ

·         ওড়িশা- ৪৮.৪৪ শতাংশ

·         উত্তৰ প্ৰদেশ- ৪৩.৯৫শতাংশ

·         পশ্চিম বংগ- ৭০.১৯শতাংশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in