পৰকীয়া প্ৰেমেই হ'ল কালঃ ৮ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহত্যা, কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ...

পৰকীয়া প্ৰেমেই হ'ল কালঃ ৮ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহত্যা, কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ...
পৰকীয়া প্ৰেমেই হ'ল কালঃ ৮ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহত্যা, কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ আঠ মহীয়া গৰ্ভৱতী অৱস্থাত জুমি দেৱী নামৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক ভাৱে মৃত্যু হোৱা ঘটনাই ৰঙিয়াত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে। আত্মহত্যা কৰা এই বোৱাৰীগৰাকীক পৰিকল্পিত ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। জুমি দেৱী নামৰ এই বোৱাৰী গৰাকীৰ পৰিয়ালৰ গোচৰৰ ভিত্তিতে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জুমি দেৱীৰ কনিষ্টবল স্বামীক।

উল্লেখ্য যে, ৰঙিয়াৰ ডিমুৰ মহৰীয়াৰ ৮ মাহৰ গৰ্ভৱতী বোৱাৰী জুমি দেৱীয়ে ১৬ আগষ্ট, বুধবাৰে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছিল। জুমিৰ এই আত্মহত্যাৰ ঘটনাক সহজ ভাৱে নলৈ তেওঁৰ পিতৃ গৃহৰ ফালৰ পৰা আৰক্ষীৰ কাষ চাপি এয়া এক হত্যাকাণ্ড বুলি অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কনিষ্টবল প্ৰাণজিৎ শৰ্মাক। অভিযোগ অনুসৰি পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত হ'ল এই হত্যাকাণ্ড!

জুমি দেৱীৰ পিতৃগৃহৰ ফালৰ পৰা অভিযোগ কৰা অনুসৰি জুমি দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা ১ বছৰ হৈছে যদিও প্ৰাণজিতে লখিমপুৰৰ এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। ইয়াকে লৈ দুয়োৰে মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল।

পৰকীয়া প্ৰেমেই হ'ল কালঃ ৮ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহত্যা, কনিষ্টবল স্বামীক গ্ৰেপ্তাৰ...
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in