/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a9c8864f-ab46-4475-bbd6-61195d97a7ec/tamulpur_17.jpg)
ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি...
ডিজিটেল সংবাদ তামুলপুৰঃ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু মহকুমা কৃষি বিষয়া,তামুলপুৰৰ সহযোগত আজি তামুলপুৰৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কালচেনীত ছয়াবিনৰ খেতি আৰম্ভ কৰা হয়।
আজি বন্তি প্ৰজ্বলন আৰু ফিটা কাটি এই প্ৰদৰ্শন মূলক খেতি মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী আৰু বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাই।
প্ৰায় ৪০ বিঘা ভূমিত স্থানীয় জৌগালো কৃষক গোটে প্ৰদৰ্শন মূলকভাৱে কৰা এই ছয়াবিন খেতিয়ে বিটিআৰৰ কৃষ সকলৰ মাজত নতুন কৃষি বিপ্লৱ আৰম্ভ হ'ব বুলি আশা কৰা হৈছে।
Also Read: পশ্চিম মাছখোৱা সমবায় সমিতিত অনিয়মেই নিয়ম...