স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কন্যাৰ সৈতে চিপ ল'লে মহিলাই...

শুকুৰবাৰে মহানগৰীৰ হাতীগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এটা কোঠাৰ পৰা উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ মৃতদেহ।
স্বামীৰ অকথ্য নিৰ্যাতন সহিব নোৱাৰি কন্যাৰ সৈতে চিপ ল'লে মহিলাই...

ডিজিটেল ডেস্ক: শুকুৰবাৰে মহানগৰীৰ হাতীগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। এটা কোঠাৰ পৰা উদ্ধাৰ হৈছিল মাতৃ-কন্যাৰ মৃতদেহ। নাজমা বেগম নামৰ এগৰাকী মহিলাই নিজ ৭ বছৰীয়া কন্যাৰ সৈতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল।

মৃতদেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। মৃত্যুৰ পূৰ্বে এটা ভিডিঅ' বনাইছিল মহিলা গৰাকীয়ে। ভিডিঅটি'ত স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে কয় যে জীয়াই থাকোঁতে শান্তি নাপালোঁ, মৰাৰ পিছত যাতে শান্তি পাওঁ তাৰ বাবে দোৱা কৰিব।

শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বলি হৈছিল মৃত নাজমা বেগম। ভিডিঅ'টিত কয় যে প্ৰায়েই মাৰ ধৰ কৰিছিল স্বামীয়ে। নিশা পত্নী - কন্যাক ঘৰতে থৈ ঘূৰি ফুৰিছিল স্বামীয়ে।

স্বামীয়ে নিজ পৰিয়ালৰ কথা শুনি প্ৰায়েই অকথ্য নিৰ্যাতন চলাইছিল পত্নীক।স্বামী কামলৈ যোৱাৰ পিছতে চিপ লৈ আত্মহত্যা কৰা বুলি ভাষ্য প্ৰদান আৰক্ষীৰ আগত স্বামীৰ । আৰক্ষীৰ লোক উপস্থিত হোৱাৰ পুৰ্বে স্বামীয়ে নমাই দিছে মৃতদেহ।

আৰু পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকে কান্দিছে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in