/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্ক: বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেওবাৰে বিহাৰৰ ১৬ খন জিলাত নতুন কাৰ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে সাতখন জিলাত কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে ।
নাড্ডাই ৰাষ্ট্ৰীয় অধ্যক্ষ কাৰ্যলয় উদ্বোধন কৰি কয় যে দলটোৰ কাৰ্যালয় ভৱনৰ পৰিকল্পনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েকৰিছিল, যিটো আমাৰ তেতিয়াৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে পূৰণ কৰে। আজি আমি সুখী যে দেশত ২১৫ টা কাৰ্যালয় ভৱন সম্পূৰ্ণ হৈছে।
জে পি নাড্ডাই কয় যে বিজেপি হৈছে একমাত্ৰ দল যি হৈছে আদৰ্শৰ আধাৰৰ এটা দল। বাকী দল সমূহ হৈছে পাৰিয়াল কেন্দ্ৰিক দল। আগন্তুক সময়ত, বিজেপি একমাত্ৰ দল হ'ব, আন সকলো ৰাজনৈতিক নোহোৱা হৈ যাব। আন যিকোনো ৰাজনৈতিক দলে চেষ্টা কৰিলেও আমাৰ ওচৰ পাবলৈ ৪০ বছৰ লাগিব। বিজেপৰি বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰীয় দল আৰু নাই।
আৰু পঢ়ক: ধেমাজি মাদাৰ্চ প্ৰাইড বিদ্যালয়ত সম্বধৰ্না অনুষ্ঠান…