ধেমাজি মাদাৰ্চ প্ৰাইড বিদ্যালয়ত সম্বধৰ্না অনুষ্ঠান…

ধেমাজি মাদাৰ্চ প্ৰাইড  বিদ্যালয়ত  সম্বধৰ্না অনুষ্ঠান…

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি মাদাৰ্চ প্ৰাইড বিদ্যালয়ৰ দশম শ্ৰেনী ছাত্ৰ -ছাত্ৰী সকলে সুখ্যাতিৰে এশ শতাংশ উৰ্ত্তীৰ্ণৰে প্ৰথম বেষ্টৰ ফলাফল সন্তোষজনক হোৱা উপলক্ষে দেওবাৰে দুপৰীয়া ১২ বজাত বিদ্যালয়ত সম্বধৰ্না সভা অনুষ্ঠিত হয় ৷

আৰম্ভণিতে বিদ্যালয়খনৰ পৰিচালন সঞ্চালক বিজয় দাসে উদ্ধোধনী ভাষন দিয়া পিছতেই উপস্থিত অতিথি সকলক
বিদ্যালয়ৰ অধ্যক্ষ পি.জে থমাছে আদৰণি জনায় ৷ সভাত বিদ্যালয়খনৰ জন্ম লগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত বিদ্যালয়খনৰ প্ৰাক্তন পৰিচালনা সমিতি সভাপতি হেৰেম্ব দাস , বিদ্যালয়খনৰ বৰ্তমানৰ পৰিচালনা সমিতি সভাপতি দেৱ কাকতি , ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই সভাত ছাত্ৰ -ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ৷

সভাত যোৱা ২২ জুলাইত ঘোষিত হোৱা চিবিএচই দশম শ্ৰেণী ফলাফলত বিদ্যালয়খনৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা ১৭ গৰাকী ডিষ্টিংচন , ১৮ গৰাকী ষ্টাৰ মাৰ্ক আৰু ১৩ গৰাকী প্ৰথম বিভাগৰ সৈতে মুঠ ৪৮ জনক বিদ্যালয় ফালৰ পৰা ফুলাম গামোচা , মানপত্ৰ আৰু টফীৰে সম্বধৰ্না জনোৱা হয় ৷

উল্লেখ্য যে সদ্য ঘোষিত ফলাফলত বিদ্যালয়খনৰ পৰা আয়ুচ দাস ৯৬.৪% , মুছকান আগৰৱালা ৯৫. ৬% , অলিনদ্বিতা বুঢ়াগোঁহাই ৯৪.৮%, শিৱ চুংক্ৰাং ৯৪.২% আৰু বনামী চুতীয়াই ৯৩. ৮% শতাংশৰে সুখ্যাতিৰে
উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in