সাংবাদিক নেত্ৰকমল শৰ্মাৰ 'পপীয়া তৰা' শীৰ্ষক গীতৰ শুভমুক্তি...

সাংবাদিক নেত্ৰকমল শৰ্মাৰ 'পপীয়া তৰা' শীৰ্ষক গীতৰ শুভমুক্তি...

author-image
Asomiya Pratidin
New Update
সাংবাদিক নেত্ৰকমল শৰ্মাৰ 'পপীয়া তৰা' শীৰ্ষক গীতৰ শুভমুক্তি...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ ফুলনিৰ নিবাসী সাংবাদিক তথা সংগীত চৰ্চাৰ সৈতে জড়িত উদীয়মান সংগীত শিল্পী নেত্ৰকমল শৰ্মাই(নীল শৰ্মা )কোনো ধৰণৰ সংগীতৰ আনুষ্ঠানিক অনুশীলন নোহোৱাকৈ, নিজা চেষ্টাৰে সংগীত চৰ্চা কৰাৰ অন্তত জুবিন গাৰ্গৰ গীতক লৈ আজি 'পপীয়া তৰা' শীৰ্ষক ক'ভাৰ গীতৰ শুভমুক্তি কৰা হয় । এই ক্ষেত্ৰত নীল শৰ্মাক পৰিয়ালৰ লগতে হাওৰাঘাট আৰু ফুলনিবাসী ৰাইজ আৰু সমগ্ৰ কাৰ্বি আংলং জিলাৰ অনুৰাগীসকলে সম্পূৰ্ণ সহায়-সহযোগীতা আগবঢ়াইছে ।

Advertisment

উল্লেখ্য যে অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ আৰু জুবিলীৰ দৰে সংগীত শিল্পীৰ সংস্পৰ্শলৈ গৈ সাংবাদিক তথা উদীয়মান সংগীত শিল্পী নেত্ৰকমল শৰ্মাই এগৰাকী উদ্যম জুবিন অনুৰাগী হৈ জুবিন গাৰ্গৰ 'মা'এলবামৰ 'পপীয়া তৰা' গীতটি নিজ কণ্ঠৰে ক'ভাৰ গীত হিচাপে মুক্তি দিবলৈও সক্ষম হয়। নেত্ৰকমল শৰ্মা যদিও পেচাত Time8 ৰ এগৰাকী সাংবাদিক কিন্তু সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত হৈ সংগীত চৰ্চাও তেওঁ চলাই আহিছে।

সমান্তৰালভাৱে হাওৰাঘাট শাখা সাহিত্য সভা আৰু শিল্পী সমাজৰ সৈতেও তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সাংবাদিক তথা উদীয়মান সংগীত শিল্পী নেত্ৰকমল শৰ্মাৰ ভৱিষ্যত জীৱন উজ্বল হওঁক আৰু এখোজ আগলৈ আগবাঢ়ি যাওঁক তাৰে কামনা কৰিছে সচেতন শিল্পী সমাজে ।

Also Read: বিশুদ্ধ খোৱাপানী যোগানত আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে মহেন শইকীয়ালৈ বিশেষ বঁটা...

hauraghat song release