/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5614f976-b49c-4257-80cd-55b543b69e0b/5.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ সাম্প্ৰতিক সময়ত শিক্ষাখণ্ডত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চমকপ্ৰদ প্ৰয়োভৰক প্ৰত্যাহ্বান জনাই বোকাখাত উপজিলাৰ এখন চৰকাৰী বিদ্যালয়ক অসাধাৰণ ৰূপত সজাই তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলিছে অহৰহ। বিদ্যালয়খন হৈছে পশ্চিম গোলাঘাট উন্নয়ন খণ্ডৰ, নুমলীগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9868e5b7-b1c1-4887-bd63-4f20ca6fb5c8/4d70aa3b-f031-45c8-aca8-b2621c81ea9e.jpg)
অসম চৰকাৰৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক তথা বৰ্তমান নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়াৰ নেতৃত্বত সম্প্ৰতি বিদ্যায়তনিক দিশত ৰাষ্ট্ৰীয় পৰ্যায়ত বিদ্যালয়খন উজলি উঠিছে। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াত কিছুদিল পূৰ্বে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ দলটোৱে বিভিন্ন শিতানত খেলি শ্ৰেষ্ঠত্ব অৰ্জন কৰি নুমলীগড়ৰ লগতে বোকাখাত উপজিলালৈ গৌৰৱ কঢ়িয়াই আনিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3db22e9a-2424-4dd7-9d9a-0cb5754374b9/51c1c947-d216-4540-960d-3e8fb8f876db.jpg)
বৰ্তমান বিদ্যালয়খনৰ লগতে ভাৰপ্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া চৰ্চিত হৈছে আন এক বিষয়ত। গোলাঘাটৰ "জিলা জল আৰু অনাময় অভিযান"ৰ তৰফৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকী সন্মানিত হৈছে নিজ নেতৃত্বাধীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিশুদ্ধ খোৱা পানী যোগান নিশ্চিতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ সেৱাৰ বাবে। এই সেৱাৰ স্বীকৃতি স্বৰূপে শইকীয়ালৈ জিলা জল আৰু অনাময় অভিযানৰ ক্ৰমে অধ্যক্ষ তথা জিলা উপায়ুক্ত ডা: পি উদয়প্ৰৱীন আৰু সদস্য সচীব ৰাজীৱ দাস স্বাক্ষৰিত মানপত্ৰ আগবঢ়োৱা হৈছে।
বৃহস্পতিবাৰে গোলাঘাট পৌৰসভাৰ ভৱনত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন শিতানত আগবঢ়োৱা বঁটা-সম্বৰ্ধনাসমূহৰ লগতে শইকীয়ালৈ এই সম্বৰ্ধনা আগবঢ়োৱা হয়। শইকীয়াৰ প্ৰাপ্ত এই সন্মানৰ বাবে বিভিন্ন ব্যক্তি, দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে।আজি দুকুৰিৰো অধিক লোকক পুৰস্কৃত কৰাৰ লগতে গোলাঘাট জিলাৰ মুহিৰাম হাজৰিকা হাইস্কুল,চিনাতলি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কপহুৱাটিং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধানকো বঁটা প্ৰদান কৰে।