/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/4a0fb8ab-8c19-40a4-b681-609448396a39/abc.jpg)
যোৰহাট জিলাৰ প্ৰথমটো শব্দ শ্ৰৱণ থেৰাপি কক্ষ স্থাপন
ডিজিটেল সংবাদ, বেকাজানঃ যোৰহাটৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত ৰমেশ চান্দ জৈনে নিজ পিতৃ- মাতৃৰ নামত বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰে প্ৰদান কৰে যোৰহাট জিলাৰ প্ৰথমটো শব্দ শ্ৰৱণ থেৰাপি কক্ষ । যোৰহাটৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত ৰমেশ চান্দ জৈন আৰু তেখেতৰ পৰিয়ালে নিজা প্ৰচেষ্টাত তিতাবৰ প্ৰতিবন্ধী মূকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰত স্থাপন কৰা Audiometry and speech therapy centerটো আজি অনুষ্ঠানিক ভাবে মুকলি কৰে যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ।
বিশেষভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে সাংকেতিক ভাষা আৰু শব্দৰ সু-প্ৰশিক্ষণ ল'ব পৰাকৈ এই কক্ষটো সাজি উলিয়াইছে যোৰহাটৰ অগ্ৰণী প্ৰতিষ্ঠান এন জে প্ৰডাকশ্যনে।অনুষ্ঠানত উপস্থিত হৈ আবেগিক হৈ পৰে যোৰহাটৰ জিলাৰ প্ৰাক্তন উপায়ুক্ত ৰমেশ চান্দ জৈন । আনহাতে এই অত্যাধুনিক কক্ষটোৰ জৰিয়তে মূকবধিৰ ছাত্ৰ-ছাত্ৰী সকলক সহজভাবে সাংকেতিক ভাষাৰ জৰিয়তে শব্দ পৰিচয় কৰাই দিয়াত সহায় হ'ব বুলি মন্তব্য প্ৰকাশ কৰে সঞ্চালিকা মিনু ধনদিয়াই ।
আৰু পঢ়কঃ পাঁচআলিত চুইফট ডিজায়াৰ-যাত্ৰীবাহী অট'ৰ মুখামুখি সংঘৰ্ষ
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us