যোৰহাটঃ অগপৰ অজুহাত, মুখ্যমন্ত্ৰীৰ আশাত ব্যাঘাত...

যোৰহাটঃ অগপৰ অজুহাত, মুখ্যমন্ত্ৰীৰ আশাত ব্যাঘাত...

ডিম্পুল বৰগোহাঁই

 কথাত কোনো তল পৰি দিয়া নাই। সকলোৰে মনত প্ৰৱল আত্মবিশ্বাস। ফলাফ ঘোষণা নৌঁহওতেই শাসক বিৰোধী সকলো চৰকাৰ গঠনৰ দাবীত অটল।  জল্পনা-কল্পনাৰ এই যুঁজখন ৪জুন পৰ্যন্ত নীৰৱে চাই থকাৰ বাহিৰে সাধাৰণ ৰাইজৰ অন্য পথ নাই।

বিজেপিৰ দাবী ৪০০পাৰ, ইফালে বিৰোধী দাবী এইবাৰ আমাৰ চৰকাৰ। বহু ৰাজনৈতিক বিশ্লেষকে এইবাৰ পুনৰ বিজেপিৰে চৰকাৰ হ’ব যদিও ৪০০ৰ লক্ষ্য অসম্ভৱ বুলি মত ব্যক্ত কৰিছে। ইফালে একাংশ বিশ্লেষকে বিজেপিৰ কিছু সিদ্ধান্তৰ বাবে কংগ্ৰেছ শাসনলৈ আহিলে আচৰিত হ’বলগীয়া নাই বুলিও দৃঢ়তাৰে কৈছে।

২০২৪ৰ নিৰ্বাচনত অসমৰ হাইপ্ৰফাইল সমষ্টি তথা সকলোৰে দৃষ্টি নিবদ্ধ আছিল যোৰহাট লোকসভা সমষ্টিত। এই সমষ্টিটোত কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু বিজেপিৰ তপন গগৈৰ মাজত তীব্ৰ যুঁজ হৈছিল।

স্বয়ং মুখ্যমন্ত্ৰীয়ে এই সমষ্টিটোৰ পৰাই ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছিল আৰু এই সমষ্টিটোতে প্ৰচাৰ শেষো কৰিছিল। মন্ত্ৰী পীয়ুষ হাজৰিকাক সমষ্টিটোৰ সকলো কাম তদাৰক কৰিবলৈ দায়িত্ব দিয়া দিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

নিৰ্বাচন অনুষ্ঠিত হোৱাৰ আগৰে পৰাই যোৰহাটত বিজয় নিশ্চিয় বুলি কনফিডেন্ট আছিল মুখ্যমন্ত্ৰী। ৩-৪লাখ ভোটত এন ডি এৰ প্ৰাৰ্থী তপন গগৈ পুনৰ দিল্লীলৈ যাব বুলি দাবী কৰি আহিছে ড০ শৰ্মাই। কিন্তু শেহতীয়াকৈ এন ডি এৰ সহযোগী দল অসম গণ পৰিষদে দাখিল কৰা এখন প্ৰতিবেদনে সকলো অংকত জঞ্জাল লগাইছে।

এই প্ৰতিবেদনখন প্ৰকাশ কৰিছে ১৪নং যোৰহাট লোকসভা সমষ্টিত অসম গণ পৰিষদে আহ্বায়কৰ দায়িত্ব পালন কৰা বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালী আৰু প্ৰদীপ হাজৰিকাই। পৰ্যালোচনা এই প্ৰতিবেদনখনত তপন গগৈ কিয় বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত যোৰহাটত জয়ী হ’ব নোৱাৰে তাৰ ১০টা কাৰন উল্লেখ কৰিছে।

প্ৰতিবেদনখনত উক্ত লোকসভা সমষ্টিটোৰ অগপৰ আহ্বায়কদ্বয়ে কোনটো বিধানসভা সমষ্টিত কিমান ভোট তপন গগৈয়ে লাভ কৰিব, তাকো বিস্তৃতভাৱে বৰ্ণনা কৰিছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, টিয়ক সমষ্টিৰ মুঠ ১,৫৩,৩১৯ ভোটৰ ভিতৰত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব ৮৪,১১৩টা ভোট। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ৬২,৭৯৭টা ভোট লাভ কৰিব।

আনহাতে কংগ্ৰেছে যোৰহাট বিধান সমষ্টিত অধিক অগ্ৰগতি লাভ কৰিব বুলি দাবী কৰাৰ সময়তে অগপৰ এই প্ৰতিবেদনত প্ৰকাশ পাইছে ইয়াৰ ওলোটা তথ্য। প্ৰতিবেদনৰ মতে, ২০২৪ত মুঠ পুলিং হৈছে ১১১৪৯০। ইয়াৰে ৫৫,৩০৯টা ভোট পাব তপন গগৈয়ে আৰু ৫০,১৮০টা ভোট পাব গৌৰৱ গগৈয়ে। অৰ্থাৎ যোৰহাটত ১৫হাজাৰৰো অধিক ভোটত লীড ল’ব বিজেপিৰ তপন গগৈয়ে।

ঠিক তেনেদৰে, মৰিয়নিতো মুঠ ১লাখ ২৭হাজাৰ ৯৭০টা ভোটৰ ভিতৰত তপন গগৈয়ে ৭৩,২৩০টা আৰু গৌৰৱ গগৈয়ে ৫৫,৭৩০টা ভোট লাভ কৰিব। কংগ্ৰেছৰ দখলত থকা তিতাবৰ সমষ্টিত গৌৰৱ গগৈয়ে বহু হাজাৰ ভোটৰ ব্যৱধান লাভ কৰিব বুলি উল্লেখ কৰিছে এই প্ৰতিবেদনখনত।

তিতাবৰত ১লাখ ৫৭হাজাৰ ৭৯৩টা ভোটৰ ভিতৰত ১লাখ ৩হাজাৰ ৪৯৯টা ভোট গৌৰৱ গগৈয়ে লাভ কৰা বিপৰীতে তপন গগৈয়ে ৬৩, ২৮৮টা ভোট লাভ কৰিব বুলি উল্লেখ আছে। আনহাতে অখিল গগৈ বিধায়ক হৈ থকা শিৱসাগৰ সমষ্টিত বিৰোধী মিত্ৰজোঁটতকৈ বিজেপিয়ে বেছি ভোট পাব বুলি দাবী কৰা হৈছে প্ৰতিবেদনখনত।

পৰ্যালোচনা প্ৰতিবেদন
পৰ্যালোচনা প্ৰতিবেদন

শিৱসাগৰত ১,৫০,২৯৩টা ভোটৰ ভিতৰত এন ডি এৰ প্ৰাৰ্থীগৰাকীয়ে ৭৯,১২১টা ভোট আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৬৭,১১৬টা ভোট পাব বুলি উল্লেখ আছে প্ৰতিবেদনত। ডিমৌ সমষ্টিটোত ১,৪২,৮৫২টা ভোটৰ ভিতৰত তপন গগৈয়ে ৭৯,১৩৩টা ভোট আৰু গৌৰৱ গগৈয়ে ৬০,৫১৭টা ভোট লাভ কৰিব।

প্ৰতিবেদনখনত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা সমষ্টিতে কোনে কিমান ভোট পাব তাৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হৈছে। নাজিৰাত তপন গগৈয়ে ৫৮,৯১০ টা ভোট লাভ কৰাৰ বিপৰীতে ৯২, ১১০টা ভোট, মাহমৰাত বিজেপিয়ে ৬৫,৮৭২টা ভোটৰ বিপৰীতে কংগ্ৰেছে ৫৩,০৬৯টা ভোট, সোণাৰিত ৭৫,১৪২টা ভোট বিজেপিয়ে পোৱাৰ বিপৰীতে ৬৬,১৩৭টা ভোট কংগ্ৰেছে পাব বুলি উল্লেখ কৰা হৈছে প্ৰতিবেদনখনত।

আনহাতে যোৰহাটৰ এই নিৰ্বাচনী বৈতৰণী পাৰ হবলৈ শাসক-বিৰোধী সকলো নামি পৰা মাজুলী সমষ্টিত বিজেপিয়ে বেছি ভোট পাব বুলি উল্লেখ কৰা হৈছে এই প্ৰতিবেদনখনত। মাজুলীত কংগ্ৰেছে ৪২হাজাৰ ৫৮৪টা ভোট আৰু বিজেপিয়ে ৬৮,৪১৯টা ভোট লাভ কৰিব বুলি দাবী কৰিছে অগপৰ আহ্বায়ক হিচাপে থকা এই দুই বিধায়কে।

পৰ্যালোচনা প্ৰতিবেদন
পৰ্যালোচনা প্ৰতিবেদন

এই প্ৰতিবেদনৰ মতে কংগ্ৰেছৰ গৌৰৱ গগৈক তপন গগৈয়ে প্ৰায় ৫০হাজাৰ ভোটৰ ব্যৱধানত পৰাভূত কৰিব। কিন্তু লক্ষ্যণীয় কথাটো হৈছে যে, এই সমষ্টিটোত ৩-৪লাখ ভোটৰ ব্যৱধানত জয়ী হম বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতাসকলে।

৩-৪ লাখ ভোটৰ ব্যৱধানত জয়ী হম বুলি দাবী কৰি থকা শাসকপক্ষই যোৰহাটত জয়ৰ ব্যৱধান ৫০হাজাৰলৈকে নমাই অনাৰ আঁৰৰ কাৰন কি। অৱশ্যে এই প্ৰতিবেদনখন অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ জ্ঞাৰ্তাথে প্ৰস্তুত কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে সভাপতি অতুল বৰাই।

সেয়া যি কি নহলেও, এই প্ৰতিবেদনখনে যোৰহাট লোকসভা সমষ্টিক লৈ শাসক পক্ষও যে বিবুধিত আছে তাৰ উমান পাব পাৰি। মিত্ৰদল হিচাপে থাকিও অগপই মুখ্যমন্ত্ৰীৰ ৩-৪লাখ ভোটৰ ব্যৱধান ৫০হাজাৰলৈ নমাই আনি আগতীয়াকৈ দায় সাৰিলে নেকি বুলিও একাংশই সন্দেহ ব্যক্ত কৰিছে।

ক'ত কিমান ভোট পাব...
ক'ত কিমান ভোট পাব...

আনহাতে অগপ আৰু বিজেপিৰ মাজত থকা এই ব্যৱধানে হৈ যোৱা নিৰ্বাচনত গৌৰৱ গগৈক যে সহায় কৰিলে, তাৰ আভাস প্ৰতিবেদনখনৰ ১০টা কাৰনৰ পৰা স্পষ্ট হৈছে। বিজেপিয়ে আশা কৰি থকা ধৰণে উক্ত সমষ্টিটোত কিয় তপন গগৈ বিশাল ভোটৰ ব্যৱধানত জয়ী হব নোৱাৰে তাৰ প্ৰথমটো কাৰন হৈছে বিজেপিয়ে অগপক  সহযোগিতা নকৰিলে। বিজেপি কৰ্মীসকলে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিলে অগপই।

প্ৰতিবেদনখনত উল্লেখ কৰা ১০টা কাৰনৰ ভিতৰত বিজেপিয়ে যোৰহাটত নিৰ্বাচনী পুজিঁ অপব্যৱহাৰ কৰা অভিযোগো অন্যতম। চাহ বাগিছাৰ ভোট বিজেপিয়ে আশা কৰা ধৰনে পোৱা নাই বুলিও উল্লেখ কৰা হৈছে এই প্ৰতিবেদনখনত।  নাজিৰা আৰু তিতাবৰ সমষ্টিত বিজেপিয়ে কিয় কম ভোট পাব তাৰ দায়ো অগপে ঠেলিলে বিজেপিলৈ।

মুঠৰ ওপৰত যোৰহাটত অগপ বিজেপিৰ মাজত থকা সমন্বয়হীনতা স্পষ্টকৈ ফুটিঁ উঠিল এই প্ৰতিবেদনত। এই প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পাছতে তপন গগৈয়ে একো গম পোৱা নাই বুলি মন্তব্য কৰাৰ বিপৰীতে অখিল গগৈয়ে যোৰহাটত গৌৰৱ গগৈৰ বিজয় নিশ্চিত আছিল আৰু আছে বুলি মন্তব্য প্ৰকাশ কৰে।

অগপৰ কেন্দ্ৰীয় নেতৃত্বই এই প্ৰতিবেদনখন নস্যাত কৰিলেও লোকসভা সমষ্টিটোত আহ্বায়ক হিচাপে থকা দুই বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰতিবেদনখনে শাসকীয় পক্ষৰ ভিতৰ চৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি কৰিছে। বিজেপিয়ে অচিৰেই অগপক জবাবদিহি কৰিব বুলিও ভিতৰভাগৰ পৰা খবৰ আহিছে।

সঠিক ফলাফল ৪জুনত ওলাব। কিন্তু তাৰ পূৰ্বেই বিজয় বুলি দাবী কৰিও যেন যুদ্ধ ক্ষেত্ৰত দুৰ্বল আছিলো বুলি হাত দাঙি দিলে শাসকপক্ষই। যোৰহাটক লৈ সন্দিহানত থকা মিত্ৰদল অগপই আগতেই উলিয়ালে অজুহাত। এই অজুহাতেৰে অগপৰ দুই বিধায়ক তথা আহ্বায়কে মুখ্যমন্ত্ৰীয়ে ভুল অংক কৰি আছে বুলিও আঙুলিয়াই দিলে।

যোৰহাটঃ অগপৰ অজুহাত, মুখ্যমন্ত্ৰীৰ আশাত ব্যাঘাত...
ডাঙৰ হ’ল বিজেপি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in