ডাঙৰ হ’ল বিজেপি...

ডাঙৰ হ’ল বিজেপি...

মৃদুল কুমাৰ সন্দিকৈ

সংকটত নেকি বিজেপি? শেহতীয়া হিচাপ-পত্ৰবোৰত তাৰেই ইংগিত পোৱা গৈছে নেকি? সেই সংকটৰ সম্ভাৱনাই বিজেপিৰ বাঘা বাঘা নেতাবোৰক শংকিত কৰি তুলিছে নেকি? লোকসভা নিৰ্বাচন শেষ নৌঁহওতেই সম্ভাৱ্য ফলাফল অনুমান কৰি সুৰ সলাবলৈ বাধ্য হৈছে নেকি জে পি নড্ডাৰ দৰে দলটোৰ শীৰ্ষ আসনত বহি থকা নেতাই।

এইবাৰ ৪০০পাৰ বুলি কোৱা বিজেপিৰ বাবে এনে এক উত্তৰ কাৰো সমীকৰণতেই ওলোৱা নাই। চৰকাৰ গঠন কৰিব পৰাকৈ প্ৰয়োজনীয় মেজিক নম্বৰ বিজেপিয়ে লাভ নকৰিলে কি হ’ব? সেইবোৰ প্ৰশ্নই বিজেপিক চুই গৈছে এতিয়া।

 নিৰ্বাচনৰ গতি প্ৰকৃতি আগৰ দৰে হৈ থকা নাই। কেৱল মোডীৰ যাদুৰে এইবাৰ কাম সিদ্ধি নহ’বও পাৰে। কেৱল হিন্দুত্বৰ শ্লোগানেৰে ৰাজশাসনৰ ধাৰাবাহিকতা ৰক্ষা কৰাটো অসম্ভৱ যেন হৈ পৰিছে। সেয়েহে বিজেপিয়ে যেন নিজকে শুদ্ধি কৰাৰ অভিযানত নামিছে।

মুছলমানৰ ভোট আৰু সমৰ্থন আশা কৰি বিজেপিয়ে আৰ এছ এছকে এৰাই চলিবলৈ মানসিকভাৱে সাজু হৈ পৰিছে। ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ মুখত ইতিমধ্যে এই শুচিবাণী শুনিবলৈ পোৱা গৈছে। এনে এষাৰ কথা বিজেপিয়ে কেতিয়াবা ক’ব বুলি আৰ এছ এছে সপোনতো ভৱা নাছিল।

 গেৰুৱা শিবিৰতে চৰ্চা হৈছে নড্ডাৰ এই বাণী। আগতে আৰ এছ এছৰ প্ৰয়োজন আছিল বিজেপিক। এতিয়া আৰু প্ৰয়োজন নাই আৰ এছ এছৰ। হঠাৎ ইমান এলাগী হৈ পৰিলনে বিজেপিৰ বাবে আৰ এছ এছ!

ৰাষ্ট্ৰীয় সভাপতি নড্ডাই  ক’ব খুজিছে বিজেপি ডাঙৰ হৈছে। ৰাষ্ট্ৰীয় ৰাজনীতিতি আৰ এছ এছৰ আদৰ্শ আৰু অভিভাৱকত্ব তেওঁলোকৰ বাবে মূল্যহীন হৈ পৰিছে। এইবোৰ কথা শুনাৰ পাছত নাগপুৰেও ছাগে ভাৱিছে- তেওঁলোকে ইমানদিনে গাখীৰ খুৱাই বিজেপি নামৰ বিষাক্ত সাপৰ পোৱালি এটা পুহি আছিল। ডাঙৰ হৈ সেই সাপে নাগপুৰৰ তালুতে ব্ৰহ্মখুঁট শোধালে।

যিটো দলে অটল বিহাৰী বাজপেয়ীৰ ত্যাগ আৰু আদৰ্শক অৱজ্ঞা কৰিবলৈ সাজু হৈছে, বাজপেয়ীৰ সময় আৰু মোডীৰ সময় একে নহয় বুলি নিজকে মূল্যায়ন কৰিছে। সেই দলৰ ভিতৰচৰাত কি প্ৰৱণতাই ক্ৰিয়া কৰিছে সেয়া মোডী-অমিত শ্বাহ বাহিনীৰ বাদে আনে বুজাৰ সাধ্য নাই।

 আৰম্ভণিতে হেনো বিজেপি অক্ষম আছিল। সেই অক্ষমতাক সক্ষমতালৈ সলনি কৰিবলৈ প্ৰয়োজন হৈছিল আৰ এছ এছৰ আৰ্শীবাদ। সেই আৰ্শীবাদ লৈ দিল্লী দখলৰে বিজেপিয়ে আজি সক্ষমতা অৰ্জন কৰাৰ পাছত বিজেপিয়ে আৰ এছ এছৰ মুখত পৰা এই গোৰ ৰাজনীতিৰ বাবেই বিশ্বাসঘাতকতাৰ এক উদাহৰণ হৈ ৰ’ব।

 হঠাৎ সাম্প্ৰদায়িক ভাৱৰ্মূতিৰ পৰা নিজক উদ্ধাৰ কৰাৰ অভিযানত নামি পৰিছে বিজেপি। আৰ এছ এছ বলি দি এি অভিযানৰ আৰম্ভণি কৰিছে। অথচ বিজেপিৰ সাংগাঠনিক ভেটিঁ সুদৃঢ় কৰাৰ দায়িত্ব আজিও আৰ এছ এছৰ নেতাৰ হাততেই অৰ্পন কৰি অহা হৈছে।

দলটোৰ সাংগাঠনিক সম্পাদক এক দায়িত্বশীল পদ। সেই পদত ৰাজ্য বা ৰাষ্ট্ৰীয় ক্ষেত্ৰত  আৰ এছ এছৰ নেতাকেই নিয়োজিত কৰা হয়। অসমৰ ৰাজনীতিৰ ভূ ৰখা মহলে জানে এসময়ৰ ডিঙিত মোনা আঁৰি লোৱা এই পদত থকা মানুহজন কিমান ক্ষমতাশালী আছিল।

আৰ এছ এছ বনাম বিজেপি, ন বিজেপি বনাম পুৰণি বিজেপি এইধৰণৰ ধাৰণাগত যুঁজখন এতিয়া অসমতো বাস্তৱত দেখিবলৈ পোৱা গৈছে। একেদৰেই পৰিস্ফূৰ্ট হৈছে দুইমূৰত অৱস্থান লৈ থকা দুই ক্ষমতাশালী নেতাৰ শিবিৰত থকা পক্ষবোৰৰ মাজৰ সংঘাত।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপিৰ এনে স্থিতিৰ বিপৰীতে অসমতো দলটোৰ ভিতৰচৰাত অসন্তুষ্টি আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ভোটগ্ৰহণৰ দৰে গুৰুত্বপূৰ্ণ দিনত নিজ দলৰ চৰকাৰক  সমালোচনা কৰি কাৰন দৰ্শোৱা জাননী লাভ কৰা নেতাসকলৰ পক্ষে-বিপক্ষে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এচাম মন্ত্ৰী কথা কোৱাৰ ষ্টাইলে আৰু তেওঁৰ কথা-বতৰাই দলটোৰ বহু সহস্ৰাধিক ভোট নষ্ট হোৱাৰ অভিযোগ বিজেপি বিধায়কৰে। ন বিজেপি- পুৰণি বিজেপি, কোনে কিমান দলক সময় দিয়ে, কেনেদৰে পুৰণি বিজেপিয়ে দলটোক আগুৱাই নিবলৈ কষ্ট কৰিছিল আদি বিষয়বোৰ সামৰি বিজেপি নেতাই ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ পত্ৰও প্ৰেৰণ কৰিলে।

ৰাজহুৱা হোৱা এই পত্ৰত ক্ষোভ, আক্ষেপ আৰু এচামৰ আন চামৰ প্ৰতি থকা অভিযোগ মুকলিকৈ উত্থাপন কৰিছে। বিজেপি ভিতৰচৰাত লাহে লাহে যদু বংশৰ ধ্বংসৰ আখৰা চলিছে। কাৰোবাৰ বাবে কোনোবা এলাগী হোৱা, কোনোবা অধিক শক্তিশালী হৈ পৰা কথাবোৰে দলটোৰ আভ্যন্তৰীণ চৰ্চাৰ মূল বিষয় হৈ পৰিছে।

বিজেপিত সংঘটিত এই অঘটন মানুহৰ চকুত ধৰা পৰিছে। জে পি নড্ডাৰ মন্তব্যই সেই কথাকে প্ৰমাণ কৰিলে। বিজেপিত এতিয়া আৰ এছ এছেই এলাগী, বাকীবোৰ কোন কূটা...

ডাঙৰ হ’ল বিজেপি...
ভগ্নী ধৰ্ষিতা হ’ল, ভাতৃ মৰি গ’ল, খবৰেই নহ’ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in