৬০ টাতকৈ অধিক চোৰাং চিকাৰী ধৰা জৰ'বাৰ গ'লগৈ নেদেখা দেশলৈ...

৬০ টাতকৈ অধিক চোৰাং চিকাৰী ধৰা জ'ৰাবৰ গ'লগৈ নেদেখা দেশলৈ

author-image
Asomiya Pratidin
New Update
৬০ টাতকৈ অধিক চোৰাং চিকাৰী ধৰা জৰ'বাৰ গ'লগৈ নেদেখা দেশলৈ...

৬০ টাতকৈ অধিক চোৰাং চিকাৰী ধৰা জ'ৰাবৰ গ'লগৈ নেদেখা দেশলৈ

ডিজিটেল ডেস্কঃ অৱশেষত গ'লগৈ জৰ'বাৰ। বহু চোৰাং চিকাৰীৰ সন্ধান দিয়া জৰ'বাৰে অসমৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব সফলতাৰে পালন কৰি জৰ'বাৰ গ'লগৈ নেদাখা দেশলৈ।

Advertisment

অসমৰ বহু কেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সন্ধান অভিযানত নিয়োজিত আছিল জৰ'বাৰ। অসমত বহু চোৰাং চিকাৰীৰ সন্ধান উলিওৱা K9 ইউনিটৰ প্ৰথমগৰাকীৰ সদস্য আছিল জৰ'বাৰ।

জানিব পৰা মতে বাৰ্ধক্যজনিত কাৰণত, স্বাস্থ্য সম্বন্ধীয় সমস্যাৰ বাবে মঙলবাৰে নিশা মৃত্যু হয় জৰ'বাৰৰ। অসমৰ বহুকেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ সন্ধান অভিযানত বনৰক্ষীৰ সংগ দিছিল জৰ'বাৰে। যোৱা ৮ টা বছৰত ৬০ টাতকৈ অধিক চোৰাং চিকাৰীৰ সন্ধান দিছিল জৰ'বাৰে।

ক্লিক কৰি পঢ়কঃ অসম-মেঘালয় সংঘাতঃ এই পৰ্যন্ত কোনে কি কৰিলে, চাওক সবিশেষ...

অসম জ'ৰাবৰ বন বিভাগ