অসম-মেঘালয় সংঘাতঃ এই পৰ্যন্ত কোনে কি কৰিলে, চাওক সবিশেষ...

অসম-মেঘালয় সংঘাতঃ এই পৰ্যন্ত কোনে কি কৰিলে, চাওক সবিশেষ
অসম-মেঘালয় সংঘাতঃ এই পৰ্যন্ত কোনে কি কৰিলে, চাওক সবিশেষ

ডিজিটেল ডেস্কঃ পশ্মিম কাৰ্বি আংলং জিলাৰ সীমান্তৰ অসম -মেঘালয় সীমান্তৰ মুক্ৰত অসম আৰক্ষী আৰু মেঘালয় আৰক্ষী, বনৰক্ষী আৰু স্থানীয় লোকৰ মাজত সংঘটিত হোৱা ভয়াৱহ সংৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মঙ্গলবাৰে সংঘটিত হোৱা এই ঘটনাত অসমৰ এজন বনৰক্ষীসহ মুঠ ৬ জন লোকে প্ৰাণ ত্যাগ কৰাৰ কৰিছে।

পৰৱৰ্তী সময়ত এই ঘটনাই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে যাৰ ফলত শ্বিলঙত অসমৰ বাহন জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে। দীৰ্ঘদিন ধৰি পশ্চিম কাৰ্বি আংলং জিলাৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যবসায়ী প্ৰৱেশ কৰি মূল্যবান গছ-গছনি কাটি চলাই অহা অবাধ লুণ্ঠনৰ বিষম পৰিণতিতে মঙ্গলবাৰে পুৱা অকস্মাতে অসমৰ আৰক্ষী, বনৰক্ষী আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ সীমান্তৱৰ্তী নাগৰিকৰ মাজত সংঘটিত হয় এই অনাকাংক্ষিত ভয়ংকৰ সংঘর্ষ।

দুয়ো ৰাজ্যৰ সীমান্তত অৱস্থিত মূল্যবান গছ-গছনিৰে ভৰপূৰ সমগ্ৰ মুক্ৰ অঞ্চল অসম আৰু মেঘালয় পৰস্পৰে নিজৰ ভূ-খণ্ড বুলি দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে আৰু এই মুক্ৰ বনাঞ্চলত থকা বনজ সম্পদ মেঘালয়ৰ দুর্বৃত্তই অবাধে লুট কৰি লৈ যোৱাক লৈ পূৰ্বতেও বহুবাৰ সংঘাতৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে মঙ্গলবাৰে নিচেই পুৱা অসম আৰু মেঘালয়ৰ ৬ জন সুৰক্ষা কৰ্মী, নাগৰিকে দুর্ভাগ্যজনকভাবে মৃত্যুক সাবটি ল'বলগীয়া হয়। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশাৰে পৰাই মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ দুর্গম এলেকাত অৱস্থিত মুক্ৰ বনাঞ্চলৰ বহু মূল্যবান গছ অবৈধভাবে কাটি এখন ট্ৰাকত বোজাই কৰি মেঘালয়লৈ নি থকা অৱস্থাত পশ্চিম কাৰ্বি আংলং জিলাৰ নৈশ টহলদাৰী বনৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দলে খেদি গৈ ট্রাকখন জব্দ কৰিবলৈ চেষ্টা কৰে।

কিন্তু টাকখনে চুৰি কাঠ লৈ মেঘালয় অভিমুখে তীব্ৰ গতিৰে পলায়ন কৰিবলৈ চেষ্টা কৰাত টাকখনৰ চকালৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু পশ্চিম কাৰ্বি আংলঙৰ বন বিভাগৰ টহলদাৰী দলটোৱে মেঘালয়ৰ তিনিজন চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰে। বন্দুকৰ গুলীৰ শব্দ শুনি ইয়াৰ লগে লগে সীমান্তত থকা মেঘালয়ৰ গাঁৱৰ কেইবাশ লোকে হাতে হাতে অস্ত্র-শস্ত্ৰ, দা- যাঠি, কুঠাৰ আদি লৈ ওলাই আহি অসমৰ নিৰাপত্তাৰক্ষীৰ দলটোক চাৰিওফালৰ পৰা ঘেৰাও কৰাত স্বাভাৱিকতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।

সীমান্তৰ দুৰ্গম অঞ্চলত এই আতংকময় পৰিস্থিতিৰ মাজতে মেঘালয়ৰ সীমান্তৱৰ্তী বাসিন্দাসকলে পশ্চিম কাৰ্বি আংলং জিলাৰ বন আৰু গৃহৰক্ষী দলটোক অস্ত্র, দা-যাঠি, কুঠাৰ আদিৰে আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত নিৰাপত্তাৰ খাতিৰত পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী আৰু বন সুৰক্ষা কৰ্মীৰ দলটোৱে মেঘালয়ৰ আক্ৰমণকাৰীৰ ওপৰত গুলীচালনা কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত মেঘালয়ৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ অসমৰ মাটিত প্ৰৱেশ কৰা দলটোৱেও প্রত্যাক্রমণেৰে গুলীচালনা কৰাৰ ফলত অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে থিতাতে নিহত হয়।

ইফালে অসমৰ আৰক্ষী, বনৰক্ষীয়ে চলোৱা গুলীচালনাত মেঘালয়ৰ পৰা অসমৰ মাটিত প্ৰৱেশ কৰি চলোৱা আক্ৰমণত মেঘালয়ৰ থালুচাদাপ (৪৫), নিকবি (৬৫) আৰু চিকতালাম (৫৫) নামৰ ব্যক্তিকেইগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়। পিচত এই আক্ৰমণত গুৰুতৰভাৱে আহত মেঘালয়ৰ আন দুই আক্ৰমণকাৰী তাল নাৰথিয়াম আৰু চিৰোপ তুমেৰ জোঁৱাই অসামৰিক চিকিৎসালয়ত মৃত্যু হয়।

আনহাতে ঘটনা সংঘটিত হোৱাৰ পিচতে মেঘালয়ৰ বাসিন্দাসকলে ঘটনাস্থলীত পৰি থকা মেঘালয়ৰ তিনিজন নাগৰিকৰ মৃতদেহৰ উপৰি অসমৰ নিহত গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ মৃতদেহো লৈ প্ৰৱেশ কৰে মেঘালয়ত। মাজনিশালৈকে অসমৰ নিহত গৃহৰক্ষী জোৱানজনৰ মৃতদেহৰ উপৰিও তেওঁৰ সৈতে থকা থ্রী নট থ্রী ৰাইফলটো অসম আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই।

তদুপৰি অসম আৰক্ষীয়ে আটক কৰি সীমান্তৰ পৰা কেইকিলোমিটাৰ নিলগত অবস্থিত মকৈলুম আৰক্ষী চকীত আবদ্ধ কৰি থোৱা মেঘালয়ৰ তিনিজন আক্ৰমণকাৰীকো মেঘালয় আৰক্ষীয়ে নির্বিবাদে আহি অসম পুলিচৰ মকৈলুম আৰক্ষী চকীৰ পৰা মুকলি কৰি লৈ যায়। উল্লেখযোগ্য যে, ঘটনাস্থলীৰ পৰা মাত্ৰ পাঁচ-ছয় কিলোমিটাৰ নিলগতে অবস্থিত মকৈলুম আৰক্ষী চকী।

এই সন্দৰ্ভত অত্যন্ত দুৰ্বল স্থিতিৰে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীয়ে মেঘালয়ে মৰণোত্তৰ পৰীক্ষা কৰি অসমৰ গৃহৰক্ষী জোৱানজনৰ মৃতদেহটো ঘূৰাই দিব বুলি অপেক্ষা কৰি আছে। ইফালে সীমান্তবর্তী দুর্গম অঞ্চলটোত আতংক- উত্তেজনা ইমানেই বৃদ্ধি পাইছে যে ঘটনাৰ পিচত অসমৰ সীমান্তবর্তী বাসিন্দাসকলে গাঁও এৰি জিৰিকিতেং আৰু মকৈলুমলৈ পিচুৱাই আহি আশ্রয় লৈছে।

ইফালে মেঘালয়ৰ আগ্ৰাসী আক্ৰমণকাৰীসকলে গুলীয়াগুলিৰ পিচত মুক্ৰৰ বন বিভাগৰ এটা শিবিৰ জ্বলাই ভস্মীভূত কৰাৰ উপৰি শিবিৰটোত থকা এখন বলেন" বাহন আৰু কেইবাখনো বাইক ভস্মীভূত কৰে। উল্লেখযোগ্য যে, যোৱা অক্টোবৰ মাহতো সীমান্তবর্তী অঞ্চলটোত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে অসমৰ বনৰক্ষী আৰু আৰক্ষীৰ সংঘৰ্ষৰ সৃষ্টি হৈছিল।

লাচিত দিৱসক কেন্দ্ৰ অসমৰ মন্ত্ৰী, বিধায়কসহ ৰাজ্যৰ সকলো শীৰ্ষ বিষয়া বৰ্তমান দিল্লীত। আনকিকার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰো সকলো নেতা, স্থানীয় বিধায়ক লাচিত দিৱসৰ বাবে আছে দিল্লীতহে। যাৰ বাবে ঘটনাস্থলীত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে একমাত্ৰ ডি আই জি সত্যৰাজ হাজৰিকাহে উপস্থিত আছে।

ইয়াৰ পৰিৱৰ্তে মেঘালয়ৰ স্বয়ং গৃহ মন্ত্ৰী, স্থানীয় বিধায়ক, উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বৃহৎ দলে মুক্ৰত বহি পৰিস্থিতি তদাৰক কৰাত ব্যস্ত হৈছে। ইয়াৰ উপৰিও মেঘালয় চৰকাৰে ঘটনা সংঘটিত হোৱাৰ পিছতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি মেঘালয়ত ৩০ নৱেম্বৰ পৰ্যন্ত সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰা হৈছে। মেঘালয়ত আয়োজন কৰা সকলো উৎসৱ বাতিল কৰা হৈছে।

ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰে দিল্লীত মানৱ অধিকাৰ সংস্থাৰ বিষয়াৰ সৈতেও আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এছ আই টিও গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি উপ-মুখ্যমন্ত্ৰীসহ মেঘালয়ৰ কেইবাজনো মন্ত্ৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিব।

ইয়াৰ বিপৰীতে অসম চৰকাৰে মঙ্গলবাৰে নিশাই গ্ৰহণ কৰিছে কেইবাটও সিদ্ধান্ত। সেই অনুসৰি ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক এই ঘটনাৰ বাবে তাত্ক্ষণিকভাবে বদলি, জিৰিকিতেং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথ আৰু খেৰণি ফৰেষ্ট ৰেঞ্জৰ বন সুৰক্ষা বিষয়া চিকাৰী ইংহিক নিলম্বন কৰা হৈছে। অসম চৰকাৰে এই সংঘাতত জড়িত অসম আৰক্ষী আৰু বন সুৰক্ষা বাহিনীৰ সকলোৰে ৰিজাৰ্ভ ব্লক কৰাৰো সিদ্ধান্ত লৈছে।

সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়ধীশৰ নেতৃত্বত তদন্ত কমিটী গঠন কৰিছে। ঘটনাত প্ৰাণ আহুতি দিয়া অসম, মেঘালয়ৰ আটাইকেইজন ব্যক্তিৰ পৰিয়ালক৫ লাখ টকাকৈ আৰ্থিক ক্ষতিপূৰণ দিয়াৰো সিদ্ধান্ত লৈছে। চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্ত গৃহমন্ত্ৰণালয়ক দাখিল কৰাৰ লগতে নিৰপেক্ষ তদন্তকাৰী সংস্থাৰ ধাৰা ঘটনাৰ তদন্তৰ ব্যৱস্থা কৰিছে।

ইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শীঘ্ৰে সমগ্ৰ ঘটনা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অৱগত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে চাংমাই আক্ৰমণাত্মক স্থিতিৰে সমগ্ৰ ঘটনাৰ বাবে প্ৰত্যক্ষভাৱে অসমক দোষাৰোপ কৰি অসম আৰক্ষী, বন সুৰক্ষা কৰ্মীয়েহে নিয়ম উলংঘাৰে সীমা অতিক্রমি মেঘালয়ৰ মাটিত এনেদৰে আক্ৰমণ চলোৱা বুলি সংবাদ মাধ্যমত দাবী কৰিছে।

অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকাই মেঘালয়ৰ দুৰ্বৃত্তই পৰিকল্পিতভাৱে অসমৰ মাটিত আক্ৰমণ কৰা বুলি সদৰী কৰিছে। ঘটনা সন্দৰ্ভত ডি আই জি হাজৰিকাই কৈছে- 'অতি পৰিকল্পিতভাৱে কিছুমান বন মাফিয়া অসমৰ ভূমিত সোমাই অসমৰ মুক্ৰ বনাঞ্চলৰ কাঠ কাটি ট্রাকত লোডিং কৰি গৈ আছিল। আমাৰ আৰক্ষী, বন সুৰক্ষা কৰ্মীৰ বাধা নেওচি গৈছিল তেওঁলোক। অসমৰ পুলিচ পাৰ্টিক তেওঁলোকে আক্ৰমণ কৰোতেই এই অনাকাংক্ষিত ঘটনা হ'ল। পৰিস্থিতি এতিয়া উত্তেজনাময়, কিন্তু নিয়ন্ত্রণাধীন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in