যোগদল হত্যাকাণ্ডৰ ১৩ বছৰঃ আজিও নহ'ল সঠিক তদন্ত

যোগদল হত্যাকাণ্ডৰ ১৩ বছৰঃ আজিও নহ'ল সঠিক তদন্ত
যোগদল হত্যাকাণ্ডৰ ১৩ বছৰঃ আজিও নহ'ল সঠিক তদন্ত

ডিজিটেল ডেস্কঃ ২০০৯ চনৰ ১২ ডিচেম্বৰৰ নিশা সোণাপুৰৰ যোগদলত সংঘটিত হত্যাকাণ্ডৰ ১৩ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো আজিলৈকে হত্যাকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ ক্ষেত্ৰত চূড়ান্তৰূপে ব্যৰ্থ হৈছে ৰাজ্যৰ বিজেপি চৰকাৰ। সোণাপুৰৰ যোগদল গাঁৱৰ হৰকান্ত দলেৰ ৬ জনীয়া পৰিয়ালটোক নিশা অচিন ঘাটকে ডিঙি কাটি হত্যা কৰিছিল।

পৰৱৰ্তী সময়ত ২০০২ চনৰ ৫ ছেপ্টেম্বৰত হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অৰ্জুন বৰদলৈক নাজিৰাঘাটৰ পাহাৰৰ মাজত পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। অৰ্জুন বৰদলৈৰ হত্যাকাণ্ড সন্দৰ্ভত সোণাপুৰ আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল যদিও আজিলৈকে অৰ্জুন বৰদলৈৰ হত্যাকাণ্ড সন্দৰ্ভতো সঠিক তদন্ত হোৱা দেখা নগ'ল।

অৰ্জুন বৰদলৈ হত্যাকাণ্ডৰ উপযুক্ত তদন্তৰ লগতে যোগদল হত্যাকাণ্ডৰ সঠিক তদন্ত কৰি হত্যাকাৰীটোক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই।

এই হত্যাকাণ্ডৰ ১৩ বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত সোণাপুৰৰ নতুন বজাৰৰ ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই হৰকান্ত দলেৰ পৰিয়ালটোৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in