বহিঃৰাজ্যত ডাম্পাৰে মহতিয়াই নিলে অসমৰ ৩ যুৱককঃ তিনওজনৰে থিতাতে মৃত্যু...

বহিঃৰাজ্যত ডাম্পাৰে মহতিয়াই নিলে অসমৰ ৩ যুৱককঃ তিনওজনৰে থিতাতে মৃত্যু...
বহিঃৰাজ্যত ডাম্পাৰে মহতিয়াই নিলে অসমৰ ৩ যুৱককঃ তিনওজনৰে থিতাতে মৃত্যু...

ডিজিটেল সংবাদ নগাঁও: বেংগালুৰুত সোমবাৰি নিশা এক দুৰ্ঘটনাত নগাঁও জিলাৰ চাপৰমুখ কচুৱাৰ চন্দন দাস(২৪) নামৰ এজন যুৱকৰ মৃত্যু হয়। জানিব পৰা মতে বেংগালুৰুৰ এটা কোম্পানীত কৰ্মৰত চন্দনে নিশা বজাৰ কৰি অসমৰ আন দুজন যুৱকৰ সৈতে নিজৰ ৰুমলৈ আহি থকা অৱস্হাত পিছফালৰ পৰা এখন ডাম্পাৰে তিনিওকে মহতিয়াই নিয়ে।

ফলত চন্দনসহ তিনিওজনৰে কৰুণ মৃত্যু ঘটে। জানিব পৰা মতে চাপৰমুখৰ মোমায়েকৰ ঘৰত সৰুৰে পৰা থকা চন্দনে বি. কম পাছ কৰি এটা প্ৰশিক্ষণ গ্ৰহণ কৰি কেইমাহমানৰ আগতে বেংগালুৰুৰ এটা কোম্পানীত যোগদান কৰিছিল।

চন্দনৰ আকস্মিক মৃত্যুত চাপৰমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে পৰিয়ালৰ লোক বেংগালুৰুলৈ ৰাওনা হৈছে। দুৰ্ঘটনাটোত চন্দনৰ লগত নিহত আন দুজন  লক্ষীমপুৰৰ অসীম দেউৰী আৰু আন জন কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী বুলি জানিব পৰা গৈছে। যুৱকজনৰ মৃত্যুত চাপৰমুখ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in