পীযুষ হাজৰীকাৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভন দি টকা সংগ্ৰহ প্ৰৱঞ্চকৰ...

পীযুষ হাজৰীকাৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভন দি টকা সংগ্ৰহ প্ৰৱঞ্চকৰ...

ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাত চাকৰি দিয়াৰ নামত লাখ-লাখ টকা সংগ্ৰহ প্ৰৱঞ্চকৰ। ভুৱা নিযুক্তি পত্ৰৰে তিনি প্ৰৱঞ্চকে সৰকালে ৫ লাখতকৈ অধিক টকা। মন্ত্ৰী পীয়ুজ হাজৰীকাৰ নাম লৈ চাকৰিৰ প্ৰলোভন দেখুৱাই লাখ-লাখ টকা সংগ্ৰহৰ বিস্ফোৰক অভিযোগ। তিনি প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।

চাকৰিৰ নামত এক টকাও ঘোচ নিদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈ থকাৰ পিছতো প্ৰৱঞ্চকৰ প্ৰলোভনত সৰ্বশান্ত হ'ল ৰৌতাৰ এটি পৰিয়াল। ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাঁৱৰ ৰমেশ ডেকা নামৰ লোকজনক চাকৰিৰ প্ৰলোভন দেখুৱাই দলগাঁৱৰ বেছিমাৰীৰ আহমদ আলী, কিছমত আলী ওৰফে ৰহিমুদ্দিন আৰু কুৰবান আলী নামৰ তিনি প্ৰৱঞ্চকে ৫ লাখ ৫০ হাজাৰ টকা লোৱাৰ অভিযোগ উত্থাপন হৈছে ।

অভিযোগ অনুসৰি, প্ৰৱঞ্চক কিছমত ওৰফে ৰহিমুদ্দিন প্ৰভাৱশালী মন্ত্ৰী পীয়ুজ হাজৰীকাৰে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি ৰমেশ ডেকাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ পিয়নৰ চাকৰিৰ প্ৰলোভন দেখুৱায়। লোকজনে চাকৰিৰ লোভত মাটি বিক্ৰী কৰি কেবাটাও কিস্তিত প্ৰায় ৫ লাখ ৫০ হাজাৰ টকা তিনি প্ৰৱঞ্চকক দিয়ে । আচৰিত ধৰণে প্ৰৱঞ্চক কেইজনে ভুৱা নিযুক্তি পত্ৰ প্ৰস্তুত কৰি দিয়ে যদিও যোগদানত বাধা প্ৰদান কৰি আহিছিল। পিছত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ চাকৰিৰ পৰিৱৰ্তে বিদ্যুৎ বিভাগ নাইবা সমাজ কল্যাণ বিভাগত চাকৰি দিয়াৰ কথা কৈ দিনবোৰ পাৰ কৰি আছিল প্ৰৱঞ্চক কেইজনে।

উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে প্ৰায় দুমাহ পূৰ্বে প্ৰৱঞ্চক কেইজনৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। বুধবাৰে পুনৰ আহমদ আলী, কিছমত ওৰফে ৰহিমুদ্দিন আৰু কুৰবান আলীৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰমেশ ডেকাই ।

সমান্তৰালকৈ এই তিনি প্ৰৱঞ্চকে ৰৌতা অঞ্চলৰ আৰু কেইবাজনৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ উঠিছে । ৰৌতাৰ আঘোনঝাৰৰ লীন দৈমাৰী নামৰ লোকজনৰ পৰাও ৩৩ হাজাৰ টকা সংগ্ৰহ কৰে এই তিনি প্ৰৱঞ্চকে। মন্ত্ৰীৰ নাম লৈ নিৰীহ লোকসকলৰ পৰা প্ৰৱঞ্চনাৰে লাখ-লাখ টকা সংগ্ৰহ কৰা তিনি প্ৰৱঞ্চকক আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় ভুক্তভোগী পৰিয়ালে । এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।

পীযুষ হাজৰীকাৰ নাম লৈ চাকৰি দিয়াৰ প্ৰলোভন দি টকা সংগ্ৰহ প্ৰৱঞ্চকৰ...
উদুলি-মুদুলি মহঘুলি চাপৰিঃ ১০মে'ৰ পৰা ফাট বিহু…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in