উদুলি-মুদুলি মহঘুলি চাপৰিঃ ১০মে'ৰ পৰা ফাট বিহু…

উদুলি-মুদুলি মহঘুলি চাপৰিঃ ১০মে'ৰ পৰা ফাট বিহু…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বৰ অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোক-কলা সংস্কৃতিৰ অপূৰ্ব সংগমস্থলীলৈ ৰূপান্তৰ ঘটাৰ ব্যাপক প্ৰস্তুতি চলিছে মহঘুলি চাপৰিত। ঢকুৱাখনাৰ স্বাভিমানী সম্ভ্ৰম চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ এই মহঘুলি চাপৰিৰ চিৰ সেউজ স্থায়ী বিহু বাকৰিত অহা ১০ মে'ৰ পৰা ১২মে'লৈ তিনি দিনীয়া বৰ্ণিল পৰিক্ৰমাৰে অনুষ্ঠিত হ'ব ২০২৪ বৰ্ষৰ ফাটবিহু।

ঢকুৱাখনাবাসীৰ একক এই লোক উৎসৱৰ অমিয়া মাধুৰী পান কৰিবলৈ এইবাৰ নিমন্ত্ৰণ কৰা হৈছে ৰাজ্যখনৰ সাহিত্য ,সংস্কৃতি ,ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰখনৰ বহু কেইগৰাকী পুৰোধা ব্যক্তিক। ফাটবিহু উদযাপন সমিতিৰ সভাপতি মুকুল গগৈ, সম্পাদক ভবেন্দ্ৰজিত গগৈয়ে জনোৱা মতে ফাটবিহুৰ অন্তিম দিনৰ মুখ্য কাৰ্যসূচী বৰেণ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিব অভিনেত্ৰী প্ৰীতি কংকনাই। ইয়াৰ পাছতেই অনুষ্ঠিতব্য ফাটবিহুৰ একক আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট লোক সংস্কৃতিৰ সাধক যোৰহাটৰ দিগন্ত গগৈয়ে।

ফাটবিহু স্থায়ী মঞ্চত বিয়লি অনুষ্ঠিত হ'বলগা মুকলি সভা উদ্বোধন কৰিব মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই। মুকলি সভাত মুখ্য অতিথি হিচাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু ,সাংস্কৃতিক মন্ত্ৰী বিমল বৰাকে প্ৰমুখ্য কৰি বহু কেইগৰাকী ৰাজনৈতিক ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে ঢোলৰ ওজা সোমনাথ বৰাই অংশগ্ৰহণ কৰিব । ইপিনে ১০মে'ৰ ফাটবিহুৰ প্ৰথম দিনৰ পতাকা উত্তোলন ,স্মৃতি তৰ্পণৰ পাছতে মঞ্চ উদ্বোধন কৰিব প্ৰবীণ শিক্ষাবিদ ডঃ গিৰীণ গগৈয়ে । ইয়াৰ পাছতে টকা বিহু উদ্বোধন কৰিব শিক্ষাবিদ দুলু শইকীয়া আৰু চেমনীয়া বিহু উদ্বোধন কৰিব বিশিষ্ট বয়স্ক বিহুৱা ললিত গগৈয়ে।

ফাটবিহুৰ দ্বিতীয় দিনা পুৱা বিহু বাকৰিত কপৌফুল ৰোপণ পৰ্বৰ শুভাৰম্ভ কৰিব জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ গন্ধেশ্বৰ গগৈয়ে। ইয়াৰ পাছতে বিহু বাকৰিত থলুৱা শিপিনীসকলৰ মাজত অনুষ্ঠিতব্য গামোচা প্ৰতিযোগিতা উদ্বোধন কৰিব লোক সংস্কৃতিৰ কৰ্মী সপোন ভূঞা চুতীয়াই। দুপৰীয়া  বিহু দলসমূহলৈ আদৰণি জনোৱাৰ পাছতে সকলো জাতি জনগোষ্ঠীৰ  প্ৰাপ্তবয়স্ক হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

গোগামুখৰ এন চি ডি কলেজৰ অধ্যক্ষ সুৰজিত দলেয়ে উদ্বোধন কৰিব লগা এই প্ৰতিযোগিতাৰ পাছতে ফাটবিহুৰ বছেৰেকীয়া প্ৰকাশ তথা এই লোক উৎসৱৰ মুখপত্ৰ "বিহুৱান" উন্মোচন কৰিব তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ প্ৰণয় ফুকনে। স্মৰ্তব্য যে ঢকুৱাখনাৰ প্ৰয়াত সমাজহিতৈষী, শিক্ষাবিদ, সাহিত্যসেৱী ৰেৱত চন্দ্ৰ গগৈৰ সশ্ৰদ্ধ স্মৃতিত গগৈৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰি উলিয়াইছে ২০২৪ বর্ষৰ ফাটবিহুৰ মুখপত্ৰ "বিহুৱান"।

ফাটবিহু উদযাপন সমিতিৰ সম্পাদক ভবেন্দ্ৰজিত গগৈয়ে লোক সংস্কৃতিপ্ৰেমী ৰাইজক অসমীয়া জাতীয় মহোৎসৱৰ সমূহ কাৰ্যসূচীত জাতীয় সাজ পাৰ পৰিধানেৰে আহি মহঘুলি চাপৰিৰ প্ৰকৃতিৰ বিনন্দীয়া বাকৰিত উপভোগ কৰাৰ বাবে নিমন্ত্ৰনী শৰাই আগবঢ়াইছে ।

উদুলি-মুদুলি মহঘুলি চাপৰিঃ ১০মে'ৰ পৰা ফাট বিহু…
মণিপুৰত PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী গ্ৰেপ্তাৰ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in