/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6beef20d-4ed6-4e9c-8d6a-b29e65f50a39/c380f489_a6d8_403f_ac34_1705d92dd96c.jpg)
ডিজিটেল ডেস্কঃ JIO আৰু এয়াৰটেলে লোৱা সিদ্ধান্তই হ’ল সঞ্জীৱনীপুনৰ ঠন ধৰি উঠিছে BSNL। জিঅ, এয়াৰটেল আৰু ভি আইৰ দৰে ব্যক্তিগত টেলিকম কোম্পানীয়ে শেহতীয়াকৈ ৰিছাৰ্জৰ নিৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। এনে সময়তে পুনৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে বি এছ এন এলৰ।
ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ দৌৰত বহুযোজন পিছত ৰৈ যোৱা বি এছ এন এলে পুনৰ দুৰন্ত গতিৰে আৰম্ভ কৰিছে যাত্ৰা। ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানসমূহৰ মাধমাৰ সহ্য কৰিব নোৱাৰি বি এছ এন এলৰ দিশে ধাৱমান হৈছে গ্ৰাহক। বিগত প্ৰায় দুসপ্তাহত বি এছ এন এলৰ গ্ৰাহক কেইবালাখো বৃদ্ধি পাইছে। কেৱল পাঞ্জাৱতে বি এছ এন এলৰ ৮লাখ বৃদ্ধি পাইছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, জিঅ, এয়াৰটেল আৰু ভি আয়ে ১০ৰ পৰা ২৭শতাংশ পৰ্যন্ত ৰিছাৰ্জৰ নিৰিখ বৃদ্ধি কৰিছে। যাৰ ফলত অসন্তুষ্ট হৈছে গ্ৰাহক। জিঅয়ে প্ৰায় আঢ়ৈ বছৰ আৰু এয়াৰটেল, ভি আয়ে ডেৰ বছৰৰ মূৰত বৃদ্ধি কৰিছে ৰিৰ্জাছৰ নিৰিখ। ইয়াৰ বিপৰীতে পূৰ্বৰ নিৰিখতে সেৱা দি আছে বি এছ এন এলে।
গ্ৰাহকৰ এই সহাঁৰি দেখি বি এছ এন এলে শেহতীয়াকৈ দেশত নতুনকৈ স্থাপন কৰিছে ১০হাজাৰটা টাৱাৰ। এই ১০হাজাৰটা টাৱাৰত অচিৰেই ৪জি সেৱা আৰম্ভ কৰিব প্ৰতিষ্ঠানটোৱে। বি এছ এন এলৰ এই ৪জি সেৱা লাভ কৰিবলৈ আগতীয়াকৈ আগ্ৰহী হৈছে দেশৰ লক্ষ লক্ষ লোক। এই লোকসকলৰ ভিতৰত হাৰিয়ানা, পাঞ্জাৱ, হিমাচল প্ৰদেশৰ লোকেই সৰ্বাধিক।
মুঠৰ ওপৰত এতিয়া দেশৰ টেলিকম উদ্যোগত পুনৰ এবাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে বি এছ এন এলৰ। এক সূত্ৰৰ খবৰ অনুসৰি, গ্ৰাহকৰ এনে সহাঁৰি থাকিলেই অচিৰেই ৪জি সকলো টাৱাৰত সংযুক্ত কৰা হব ৫ জি সেৱা।