নাগালেণ্ডৰ পৰা বিমানেৰে দিল্লীলৈ লৈ যোৱা হৈছে KLO ৰ মূৰব্বী জীৱন সিংহক...

নাগালেণ্ডৰ পৰা বিমানেৰে দিল্লীলৈ লৈ যোৱা হৈছে KLO ৰ মূৰব্বী জীৱন সিংহক...

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ পৰা বিমানেৰে দিল্লীলৈ লৈ যোৱা হৈছে KLO ৰ মূৰব্বী জীৱন সিংহক...

নাগালেণ্ডৰ পৰা বিমানেৰে দিল্লীলৈ লৈ যোৱা হৈছে KLO ৰ মূৰব্বী জীৱন সিংহক...

ডিজিটেল সংবাদ ৱাখাঃ শুকুৰবাৰে বিয়লি নাগালেণ্ডৰ মন জিলা লংৱাত গাঁৱৰ অসম ৰাইফলছৰ সন্মুখত কামতাপুৰ মুক্তি সংগঠনৰ মুৰব্বী টিমিৰ দাস ওৰফে জীৱন সিংহই আত্মসমৰ্পণ কৰিছে। সম্প্ৰতি আছাম ৰাইফলছৰ জিম্মাত থকা জীৱন সিংহক নতুন দিল্লীলৈ লৈ যোৱা হৈছে ।

Advertisment

উল্লেখযোগ্য যে, ম্যানমাৰৰ ছাগাইং প্ৰদেশৰ উত্তৰ-পশ্চিম অংশৰ এটা শিবিৰত আশ্ৰয় লৈ থকা কে এল অ’ৰ মুৰব্বীগৰাকীয়ে ১৩ জানুৱাৰী বিয়লি মন জিলাৰ মাজেৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত ভাৰত-ম্যানমাৰ সীমান্তত পহৰা দিয়া আছাম ৰাইফলছৰ আগত আত্মসমৰ্পণ কৰে।

জানিব পৰামতে নিষিদ্ধ ঘোষিত সংগঠনটোৰ ৯ জন সদস্যৰ সৈতে সিংহই মন জিলাৰ লংৱাত অসম ৰাইফলছৰ মন বেটেলিয়ন’ৰ সন্মুখত আত্মসমৰ্পণ কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা মতে, কে এল অ’ৰ মুৰব্বীগৰাকীক শান্তি আলোচনাৰ বাবে নতুন দিল্লীলৈ বিমানেৰে লৈ যোৱা হৈছে।

নাগালেণ্ডত কে এল অ’ৰ মুৰব্বীগৰাকীৰ আত্মসমৰ্পণ কৰাৰ পিছত তেওঁক তাৎক্ষণিকভাৱে শান্তি আলোচনাৰ বাবে নতুন দিল্লীলৈ লৈ যোৱা হৈছে। উল্লেখযোগ্য ২৬ জানুৱাৰীৰ ভিতৰত কামতাপুৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে এক বৃহৎ ঘোষণা কৰিব।তাৰ পূৰ্বে জীৱন সিংহৰ মূলসুঁতিলৈ ঘূৰি অহা বিষয়টো বিশেষ তাৎপৰ্য বহন কৰিছে।

ক্লিক কৰি পঢ়কঃ 'বিদুৰভাই' Supremacy : 'বিদুৰগীত'ত নৃত্য কিলি প'লৰ...

klo JIBAN SANGHA