/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2f9597e9-226e-48f5-9ca8-0784bf673380/bidurvai_17.jpg)
'বিদুৰভাই' Supremacy : 'বিদুৰগীত'ত নৃত্য কিলি প'লৰ...
ডিজিটেল ডেস্কঃ 'বিদুৰভাই'- জনপ্ৰিয় এক অসমীয়ে ৱেব ছিৰিজ। এই ৱেব ছিৰিজৰে শীৰ্ষ গীত আছিল 'বিদুৰগীত'। ইতিমধ্যে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হোৱা আচুৰ্য পৰপাত্ৰৰ কণ্ঠৰ বিদুৰগীতে কেৱল অসম বা ভাৰতৰে নহয়, দেশৰ সীমা অতিক্ৰম কৰি বিদেশী ৰাষ্ট্ৰৰ মানুহক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
সামাজিক মাধ্যমত যিসকল সক্ৰিয় তেওঁলোকৰ সৈতে কিলি প'লক নতুনকৈ চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। তাঞ্জানিয়াৰ ২৭ বৰ্ষীয় এই যুৱকজন সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়।
কেৱল সেয়াই নহয়, বলিউডৰ জনপ্ৰিয় গীতৰ তালে তালে নৃত্য কৰাৰ লগতে বলিউড চিনেমাৰ সংলাপৰ লিপিছিঙেৰে জনপ্ৰিয়তা অৰ্জন কৰা কিলি প'ল বিশ্বৰ এগৰাকী অতি চিনাকী ব্যক্তিলৈ ৰূপান্তৰ হৈছে।
মাত্ৰ সপ্তম শ্ৰেণীলৈ অধ্যয়ন কৰা লিকি প'লে তাঞ্জানিয়াৰ নিজস্ব সাজ-পোচাকেৰে বলিউডৰ গীতৰ তালে তালে নৃত্য কৰি সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমত এক প্ৰকাৰৰ তাৰকালৈ ৰূপান্তৰ হৈছে কিলি প'ল।
টিকটি, ইনষ্টাগ্ৰাম, ফেচবুক আদিত ৰিলছ বনাই জনপ্ৰিয়তা অৰ্জন কৰা এইগৰাকী কিলি প'লে শেহতীয়াকৈ আচুৰ্য বৰপাত্ৰৰ বিদুৰগীতৰ তালে তালে নৃত্য কৰি সকলোকে আচৰিত কৰি তুলিছে। নিজৰ ভগ্নীৰ সৈতে বিদুৰগীতৰ তালে তালে নৃত্য কৰি বিশ্ববাসীক মুগ্ধ কৰা কিলি প'লৰ জৰিয়তেই অসমীয়া ভাষাৰ সৈতে নতুনকৈ বিশ্ববাসীয়ে চিনাকী হোৱাৰ সুযোগ লাভ কৰিলে।
কিলি প'লে বিদুৰগীতত এইদৰে নৃত্য পৰৱিশেন কৰাত এতিয়া আচুৰ্য বৰপাত্ৰও আনন্দিত হৈ পৰিছে।
ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাৰ দুই চহা সংগীত সাধকলৈ ৰাজ্য চৰকাৰৰ বাৰ্ষিক শিল্পী সন্মান