ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ লগত জড়িতৰ শাস্তি ঘোষণা...

ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ লগত জড়িতৰ শাস্তি ঘোষণা...

author-image
Asomiya Pratidin
New Update
ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ লগত জড়িতৰ শাস্তি ঘোষণা...

ৰাজ্য কঁপাই যোৱা ৰেগিং কাণ্ডৰ লগত জড়িতৰ শাস্তি ঘোষণা...

ডিজিটেল ডেস্কঃ ৰাজ্য কপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ সমান্তৰালকৈ পোহৰলৈ আহিছিল উজনি অসমৰ আন এখন ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ (জে বি কলেজ)ৰ ৰেগিং কাণ্ড।

উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ হোষ্টেলত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ সন্দৰ্ভত এণ্টি ৰেগিং কমিটীয়ে তদন্ত কৰি এই ৰেগিঙৰ সৈতে জড়িত বহু কেইজন শিক্ষাৰ্থীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। এণ্টি ৰেগিং কমিটীয়ে মহাবিদ্যলয়খনৰ হোষ্টেলৰ প্ৰাক্তন আৱাসী অংকুৰ চাউদাঙক হোষ্টেলত আজীৱন প্ৰৱেশ নিষেধ কৰিছে।

একেদৰে জিণ্টু ছেত্ৰী, বিশাল, ৰংপি, বিক্ৰমাদিত্য বৰা আৰু আকাশ জ্যোতি শইকীয়াক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰিছে। ইয়াৰোপৰি বিক্ৰমাদিত্য বৰা আৰু চুমিত ৰায়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদ খাৰিজ কৰিছে।

ক্লিক কৰি পঢ়কঃ কোকৰাঝাৰত ইউপিপিএল চৰকাৰৰ দ্বিতীয় বৰ্ষপূতি উদযাপন

জে বি কলেজ যোৰহাট