ভূপালত জলশক্তি মন্ত্ৰালয়ৰ সন্মীলনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা...

ভূপালত জলশক্তি মন্ত্ৰালয়ৰ সন্মীলনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা...
ভূপালত জলশক্তি মন্ত্ৰালয়ৰ সন্মীলনত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা...

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনত মধ্যপ্ৰদেশৰ ভূপালত বৃহস্পতিবাৰৰ পৰা অনুস্থিত হৈ থকা 1st All India Annual State Minister's Conference on Water শীৰ্ষক সন্মীলনত অসমৰ জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই Building Climate Resilient Water Infrastructure বিষয়বস্তুৰ আধাৰত এটি উপস্থাপন দাঙি ধৰে । নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে প্ৰথমতে অসমত জল জীৱন মিচনৰ অধীনত ৰাজ্যখনৰ সকলো মানুহৰ বাবে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰৰ প্ৰয়াসৰ বিষয়ে বৰ্ণনা কৰে ।

২০১৯ চনত মাথো ২ শতাংশ মানুহহে টেপযুক্ত পানীৰে সংযুক্ত আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ একান্ত সহযোগ আৰু ৰাজ্য চৰকাৰৰ আন্তৰিক প্ৰয়াসৰ বাবে বৰ্তমানে এই পৰিসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে অংগনবাদী কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰো প্ৰায় ৮০ শতাংশ ইতিমধ্যেই সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বক্তব্যত উল্লেখ কৰে ।

কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত উপস্থিত থকা অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে আগন্তুক ২০২৪ বৰ্ষৰ ভিতৰত ১০০ শতাংশ নাগৰিকলৈ টেপযুক্ত বিশুদ্ধ খোৱাপানীৰ যোগানৰ বাবে বদ্ধ পৰিকৰ বুলি উল্লেখ কৰে । বানপানীত প্ৰতিবছৰে ক্ষতিগ্ৰস্ত অসমত বানৰ সৈতে মোকাবিলা কৰাৰ বাবে জল জীৱন মিচনৰ আঁচনিসমূহ যথেষ্ট উচ্চতাত নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

বৰষুণৰ মাত্ৰা অধিক হোৱা অসমত এই পানীভাগ উপযুক্ত ব্যৱহাৰৰ বাবে 'ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙ'ৰ ক্ষেত্ৰতো বিভাগীয় প্ৰকল্প হাতত লৈ সফল হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অসমৰ ১৪ খন জিলাত আৰ্ছেনিকযুক্ত পানী থকা বাবে টেপযুক্ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন থকাৰ কথাও মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই উপস্থাপনত উল্লেখ কৰে ।

অসমত জল জীৱন মিচনৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে আত্মসহায়ক গোট, ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজৰো সহযোগিতা লাভ কৰাৰ কথা মন্ত্ৰীগৰাকীয়ে সন্মীলনত সকলোকে অৱগত কৰে । উল্লেখনীয় যে, আজিৰ সন্মীলনত অংশ লোৱাৰ আগত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ আহ্বানমৰ্মে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত আৰু বাকী ৰাজ্যৰ মন্ত্ৰীসকলৰ সৈতে অসমৰ মন্ত্ৰীদ্বয় পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱাই ভূপালৰ শ্যামলা হিলচত পৰম্পৰা মানি চলি এক বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লয় ।

পাছত মন্ত্ৰীদুগৰাকীয়ে ভূপালস্থিত এটা জনজাতীয় সংগ্ৰহালয় চৌহদত উপস্থিত হয় । উল্লেখযোগ্য যে, এই সংগ্ৰহালয়টোৰ মূখ্য প্ৰৱেশদাৰ অসমৰ কমলাবাৰী সত্ৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ।

আজি মন্ত্ৰী দুগৰাকীয়ে অসমৰ সাংস্কৃতিক বিশেষত্বৰে মহীয়ান এই প্ৰৱেশদ্বাৰখনৰ সন্মূখত উপস্থিত হৈ গৌৰাৱাম্বিত অনুভৱ কৰা বুলি পাছত দুয়োগৰাকী মন্ত্ৰীয়ে চ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in