আজি ৰাণাদাৰ ওপজা দিন...

আজি ৰাণাদাৰ ওপজা দিন...

ডিজিটেল ডেস্কঃ একাধাৰে গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অসমীয়া সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই। সংগীত জগতত ৰাণাদা নামেৰে খ্যাত জয়ন্ত হাজৰিকাই ১৯৬২ চনতেই অসমীয়া সাংস্কৃতিক জগতত ভুমুকি মাৰিছিল।

জ্যেষ্ঠ ভাতৃ ড০ ভূপেন হাজৰিকাক 'মণিৰাম দেৱান' বোলছবিত সংগীত পৰিচালনাত সহায় কৰাৰ পাছৰে পৰা তেওঁৰ যাত্ৰা অব্যাহত আছিল সংগীত জগতত। এই আকাশ বৰ বিশাল, তোমাৰ মৰমে মোৰ, মোৰ মিনতি, কেতিয়াবা বেজাৰতে, সময় গতিশীল আদি কেইবাটাও চিৰ স্মৰণীয় গীতৰ স্ৰষ্টা ৰাণাদাই কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালক হিচাপে কাম কৰি খুব কম সময়ৰ ভিতৰতে অসমীয়া জনতাৰ আগত নিজৰ পৰিচয় দাঙি ধৰিছিল।

অসমৰ সমান্তৰাভাৱে বহিঃৰাজ্যতো সমাদৰ লাভ কৰা দৰদী শিল্পী জয়ন্ত হাজৰিকা আছিল ৰক এণ্ড ৰোল, জেজ আৰু ৱেষ্টাৰ্ণ ক্লাছিকেলৰ দৰে পশ্চিমীয়া সংগীতৰ ৰূপ পৰম্পৰাগত অসমীয় সুৰৰ লগত সংমিশ্ৰণ কৰা প্ৰথগৰাকী অসমীয়া। তেওঁৰ ৰচনাত কেইবাটাও পাশ্চাত্য বাদ্যযন্ত্ৰ প্ৰৱৰ্তন দেখা পোৱা যায়। যাৰ জৰিয়তে ৰাণাদাই অসমীয়া সংগীত জগতত তুলিছিল নতুনত্বৰ লহৰ।

কণ্ঠদান, সংগীত পৰিচালনাৰ সমান্তৰালভাবে গীত ৰচনা তথা সুৰ প্ৰদান কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা ৰাণাদাই ১৯৭৭ চনত 'নাতুন আশা' বোলছবিৰ সংগীত ৰেকৰ্ড কৰিবলৈ কলিকতালৈ গৈ হঠাতে অসুস্থ হৈ পৰে। অসুস্থতাৰ পিছতে ১৫ অক্টোবৰত ৩৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি যশস্বী শিল্পীগৰাকীয়ে।

আজি ৰাণাদাৰ ওপজা দিন...
মণিপুৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in