কমিছনভোগী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ বাসভৱন চীল

কমিছনভোগী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ বাসভৱন চীল

author-image
Asomiya Pratidin
New Update
কমিছনভোগী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ বাসভৱন চীল

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগত কমিচনৰ বেহা পাতি ৰঙা ঘৰৰ আলহী হবলগা হ'ল কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী। ঘিলামৰা জনস্বাস্থ্য বিভাগত অস্বাস্থ্যকৰ বাতাবৰণ সৃষ্টি কৰি দুৰ্নীতি বিৰোধী কোষৰ জালত পৰা ঘোচ খোৰ বিষয়াজনে কেইমাহমানৰ পূৰ্বে ঘিলামৰা সংমণ্ডলত যোগদান কৰিছিল।

Advertisment

বিভাগীয় এজন কৰ্মচাৰীৰ সৈতে গুৱাহাটীলৈ গৈ ২০ হাজাৰ টকা উৎকোচ সংগ্ৰহ কৰি থকা অৱস্থাত এন্টি কৰাপচন বিভাগৰ এটা দলে হাতে লোতে গ্ৰেপ্তাৰ কৰিছিল লুভীয়া কাৰ্যবাহী অভিযন্তা গোস্বামীক।

এই সন্দৰ্ভত এটা গোচৰ পঞ্জীভূত হোৱা পাছত সোমবাৰে বিয়লি ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমেন্দ্য শুক্লবৈদ্যৰ নেতৃত্বত, সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ তন্ময় বৰাৰ উপস্থিতিত ঘিলামৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক, গাঁও প্ৰধানৰ সহযোগিতাত সংমণ্ডলটোৰ চৌহদতে থকা গোস্বামীৰ বাসভৱন চীল কৰে।

উল্লেখযোগ্য যে শীঘ্ৰেই পঞ্জীভূত গোচৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই ঘিলামৰালৈ আহি অভিযন্তা গৰাকীৰ বাসভৱনত তালাচী চলাব।ইপিনে এই কাণ্ডৰ লগত বিভাগটোৰ এগৰাকী কৰ্মচাৰী জড়িত থকা বুলি চর্চা চলিছে। কিছুদিন পূৰ্বে এখন বিহু সন্মিলনত গান গাবলৈ আগ্ৰহী অভিযন্তা গৰাকীক উদ্বোধন কৰিবলৈ মাতিছিল।

উদ্বোধনী অনুষ্ঠানৰ পাছত অভিযন্তা গোস্বামীক গান পৰিবেশন কৰিবলৈ দিয়া নাছিল এক বিশেষ পক্ষই।তাতে ক্ষুব্ধ হৈ অভিযন্তা গৰাকীয়ে বিভাগৰে এগৰাকী প্ৰভাৱশালী কৰ্মচাৰীক পৰোক্ষভাৱে ৰাজহুৱাকৈ কতোক্তি কৰিছিল।

উত্থাপিত অভিযোগ মতে,উক্ত দিনাৰ ৰাজহুৱা অপমানৰ প্ৰতিশোধ পুৰাবলৈ এই ষড়যন্ত্ৰ ধনৱন্ত কৰ্মচাৰী গৰাকীয়ে কৰিছে।অৱশ্যে দুৰ্নীতি নিবাৰক কোষৰ তদন্তৰ পাছত হে এই সন্দৰ্ভত প্ৰকৃত সত্য পোহৰলৈ আহিব।বিভাগটোৰ মজিয়াত এই ঘৰ বিভীষণৰ বিষয়টোৱে বিশেষ চর্চা লাভ কৰিছে।এটা কথা নিশ্চিত যে নিজৰ অৰ্থলোভী চৰিত্ৰৰ বাবেই এইগৰাকী শীর্ষ অভিযন্তাই নিজৰ বিপদ চপাই লোৱা বুলি ৰাইজ পতিয়ন গৈছে ।

Also Read: স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

jayanta goswami assam corruption dhakuwakhana latest news