স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ডিজিটেল সংবাদ,নগাঁওঃ স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আয়োজিত বৃত্তি পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা উদ্দেশ্যে বিদ্যালয় প্ৰাংগনত এখন সভা অনুষ্ঠিত হয়।

Advertisment

বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱকান্ত শইকীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনিৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ ক্ষিতিকান্ত বৰাই। বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক বসন্ত কুমাৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি ভাৰতৰ প্ৰথম গ্ৰাম্য শ্ব-ৰূম জি. এম. ইলেকট্ৰনিকছৰ স্বত্বাধিকাৰী গৌতম ডেকা আৰু মণিকাঞ্চন বৰা ডেকাই ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকলক সমৃদ্ধ কৰিব পৰাকৈ মনোজ্ঞ বক্তৃতা প্ৰদান কৰে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আনন্দ হাজৰিকা, নগাঁও জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুনীল নাথ, মহমৰীয়া শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য খগেন বণিয়া, বিশিষ্ট সমাজকৰ্মী মুৰুলী মজুমদাৰ, বুদ্ধেশ্বৰ খাউণ্ড, দুৰ্গেশ্বৰ বৰকটকী, ৰাজেন শইকীয়া, পৱিত্ৰ কাকতি, ইন্দ্ৰ বৰুৱা, বিষ্ণু শইকীয়া, দিব্যজ্যোতি মেধি, শিক্ষাবিদ বিষ্ণু মোহন দাস, প্ৰশান্ত বৰুৱা প্ৰমুখ্যে আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতি আৰু বক্তব্যৰে সমৃদ্ধ অনুষ্ঠানটিত স্বৰ্গীয় ধনীৰাম শইকীয়া জাতীয় বিদ্যালয়ৰ ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা কস্তুৰী বৰা, তন্ময় দাস, দিব্যজ্যোতি শইকীয়া, ষ্টাৰ মাৰ্ক লাভ কৰা মৃগাংক হাজৰিকা, ধ্ৰুৱপ্ৰতিম বৰা, হিমাংশু শইকীয়া, পল্লৱ জ্যোতি বৰা আৰু পিকুমণি শইকীয়া, দেৱজিৎ বৰা, পূণ্যপ্ৰসাদ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।

তদুপৰি নগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ দ্বাৰা অনুষ্ঠিত বৃত্তি পৰীক্ষাত বিশেষ স্থান লাভ কৰা ৰাজদ্বীপ শইকীয়া আৰু চিন্ময় শইকীয়া, বিদ্যালয়খনত অংশকালীন শিক্ষা গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা দীতিস্মিতা কাকতি, দিব্যজ্যোতি বৰা, ষ্টাৰ মাৰ্ক লাভ কৰা জিজ্ঞাসা শইকীয়া আৰু মৃগাংক ডেকাক সম্বৰ্ধনা জনায়।

উল্লেখ্য যে আনন্দ হাজৰিকা নেতৃত্বাধীন পৰিচালনা সমিতিয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক একোখনকৈ গামোছাৰে শ্ৰদ্ধা জনায়। উক্ত অনুষ্ঠানটিৰ আঁত ধৰে মদাৰজ্যোতিয়ে আৰু শলাগৰ শৰাই আগবঢ়াই শিক্ষয়িত্ৰী দিপালী দেৱী শইকীয়াই।

Also Read: অষ্টম নর্থ-ইষ্ট ভেটার্ন বেডমিন্টন চেম্পিয়নশ্বিপৰ সামৰণি...

student feliciation nagaon latest nagaon student