মুম্বাইত অনুষ্ঠিত বৈঠকত কি সিদ্ধান্ত ল'লে 'ইণ্ডিয়া'ই...

বিৰোধী ঐক্যজোঁট ইণ্ডিয়া(I.N.D.I.A.)ৰ শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত বৈঠকত গঠন হ'ল সমন্বয়ৰক্ষী সমিতি।

author-image
Asomiya Pratidin
New Update
মুম্বাইত অনুষ্ঠিত বৈঠকত কি সিদ্ধান্ত ল'লে 'ইণ্ডিয়া'ই...

ডিজিটেল ডেস্কঃ বিৰোধী ঐক্যজোঁট ইণ্ডিয়া(I.N.D.I.A.)ৰ শুকুৰবাৰে মুম্বাইত অনুষ্ঠিত বৈঠকত গঠন হ'ল সমন্বয়ৰক্ষী সমিতি। এই বৈঠকতে ১৩ জনীয়া সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে ইণ্ডিয়াই। উল্লেখ্য যে, সমিতিখনত আছে শাৰদ পাৱাৰ, তেজস্বী যাদৱ, অভিষেক বেনাৰ্জী, ৰাঘৱ চাদ্দা, ওমৰ ফাৰুক আদি নেতা।

Advertisment

তদুপৰি এই বৈঠকতে আগন্তুক লোকসভা নিৰ্বাচনত যৌথভাৱে প্রতিদ্বন্দ্বিতা কৰিবলৈ দলসমূহৰ সংকল্প গ্রহণ কৰা হয়। জানিব পৰা মতে বিভিন্ন ৰাজ্যত আসন ভাগ-বাটোৱাৰাকলৈও ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া শীঘ্রেই আৰম্ভ কৰা হ’ব। উক্ত বৈঠকত সহযোগিতামূলক মনোভাৱেৰে কাম কৰা হ’ব বুলিও বিৰোধী ঐক্যজোঁট মঞ্চ ইণ্ডিয়াই প্ৰকাশ কৰিছে।

সমান্তৰালভাবে বৈঠকত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত দেশৰ বিভিন্ন প্রান্তত অতি সোনকালে ৰাজহুৱা সমাৱেশ আয়োজনৰো সংকল্পবদ্ধ হয় ইণ্ডিয়াৰ সদস্যসকল। লগতে ‘জুড়েগা ভাৰত, জিতেগা ইণ্ডিয়া’ বিষয়ক বিভিন্ন ভাষাত সমন্বয় কৰাৰ সংকল্প গ্রহণ কৰে ইণ্ডিয়াৰ প্ৰতিনিধিসকলে।

উল্লেখ্য যে, আজিৰ বৈঠকত ২৮ টা বিৰোধী দলৰ প্ৰায় ৬৩ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বিগত সময়চোৱাত মিত্ৰজোঁটৰ নেতাসকলে পাটনা আৰু বেংগালুৰুত মিলিত হৈছিল। মুম্বাইৰ গ্ৰাণ্ট হায়াট হোটেলত অনুষ্ঠিত হৈছিল এই বৈঠক।

Also Read: ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ...

rahul gandhi Raghav Chadda india sarad pawar arvinda kejriwal