/asomiyapratidin/media/media_files/2025/07/19/new-ap-web-1-10-2025-07-19-16-23-57.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ পুনৰ এজন ব্যক্তিৰ মৃত্যু হৈছে। জানিব পৰা মতে জামুগুৰিহাটৰ এজন ব্যক্তি জাপানীজ এনকেফেলাইটিজত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়।
মৃত ব্যক্তিগৰাকীৰ নাম অৰূপ নাথ, তেওঁ জামুগুৰিহাটৰ জমিদাৰ চুকৰ বাসিন্দা। প্ৰাপ্ত তথ্য অনুসৰি অৰূপ নাথ নামৰ এই ব্যক্তিগৰাকী প্ৰথমে জ্বৰত আক্ৰান্ত হৈছিল পিছত তেওঁৰ তেজ পৰীক্ষা কৰাত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বুলি জানিব পৰা যায়।
পিছত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয় যদিও জি এম চি এইছতে তেওঁৰ মৃত্যু হয়। অৰূপ নাথৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰাৰ সমান্তৰালকৈ চাঞ্চল্যৰো সৃষ্টি হৈছে। অঞ্চলবাসীয়ে স্বাস্থ্য বিভাগক সমগ্ৰ অঞ্চলটোত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় সজাগতা আৰু পদক্ষেপ গ্ৰহণৰো আহ্বান জনাইছে।
ৰাজ্য জুৰি জাপানীজ এনকেফেলাইটিছে ধাৰণ কৰিছে গুৰুতৰ ৰূপ
ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ যোৱা দিন কেইটাত ২৫ জনৰো অধিক লোকৰ মৃত্যু হৈছে। উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বৰাক উপত্যকাতো কমেও ২৫০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে বুলি আজিৰ পৰা প্ৰায় ৪ দিন পূৰ্বে চৰকাৰী সূত্ৰতে প্ৰকাশ পাইছিল।
সেই তথ্য অনুসৰি নলবাৰী, গোলাঘাট আৰু দৰং জিলাত সৰ্বাধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। নলবাৰীত ১৯, গোলাঘাট আৰু দৰঙত ১৮ জনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছিল। সেইদৰে ধেমাজিতো জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে।
জিলাখনত এইপর্যন্ত তিনিজন ৰোগীয়ে এই ৰোগত প্ৰাণ হেৰুৱাইছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ১৯ জন লোক আক্ৰান্ত হৈছে। ইয়াৰে ৭ জনৰ শৰীৰত এই ৰোগৰ উপস্থিতি নিশ্চিত হৈছে।
আক্রান্তসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত পর্যাপ্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু গুৰুতৰভাৱে আক্রান্ত ৰোগীসকলক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা ১৯ লৈ বৃদ্ধি পাইছে।
শোণিতপুৰ জিলাতো এই ৰোগে গুৰতৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগত আক্ৰান্ত হৈ জিলাখনত এটি শিশুসহ দুগৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে। অৰূপ নাথৰ মৃত্যু হোৱাৰ লগে লগে এই তালিকাখন আৰু দীঘলীয়া হৈছে। শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঠায়ে ঠায়ে ফ’গিং কৰাৰ লগতে আঁঠুৱা ঔষধিকৰণ আৰু সজাগতামূলক কাৰ্যমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে।
দেশৰ ভিতৰতে অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক বুলিও সংশ্লিষ্ট বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে। সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি যোৱা ৭ বছৰত অৰ্থাৎ ২০১৮ বা ২০২৪ চনলৈ ৰাজ্যখনত ৩ হাজাৰ ৩৪০ জন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৫২৯ জনৰ মৃত্যু হৈছে।
আৰু পঢ়কঃ খৰাং এলেকাৰ কৃষকক এককালীন আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী যুৱ-ছাত্ৰ পৰিষদৰ