/asomiyapratidin/media/media_files/2025/07/19/cvcvcvcv-2025-07-19-16-15-01.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যত শেহতীয়াকৈ হোৱা খৰাং পৰিস্থিতিৰ বাবে কৃষক সকল সমস্যাত পৰিছে। খৰাং বতৰৰ বাবে বহু কৃষকে শালিধানৰ শস্য ৰোপণ কৰিব পৰা নাই। যাৰবাবে, জাতীয়তাবাদী
পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰৱাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে স্মাৰক পত্ৰত উল্লেখ কৰে যে খৰাং পৰিস্থিতিৰ বাবে অসমৰ কৃষকে সম্প্ৰতি এক অনিশ্চিত ভৱিষ্যত আৰু শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে। অসম এখন কৃষি প্ৰধান ৰাজ্য হোৱাৰ পিছতো চৰকাৰে কৃষক সকলৰ কৃষিকাৰ্যত সহায়ক হোৱাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰি স্মাৰক পত্ৰত কোৱা হৈছে যে, অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছে। তাৰ পিছতো চৰকাৰে অসমৰ কৃষক সকলক ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত নুন্যতম সা- সুবিধা অথবা কৃষকৰ প্ৰাপ্যখিনি দিব পৰা নাই।
আনহাতে, আজিও অসমৰ ৮৫ শতাংশ কৃষিভুমিত জলসিঞ্চনৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰি পৰিষদে কয় যে উন্নত জলসিঞ্চন ব্যৱস্থা নথকাৰ ফলত ৰাজ্যৰ গৰিষ্ঠ সংখ্যক কৃষকে কৃষিকাৰ্য আগবঢ়াব নোৱাৰি গভীৰ সংকটত পৰিব লগা হৈছে। সেয়েহে সংগঠনটোৱে চৰকাৰক অনতিবিলম্বে কৃষক সকলক এককালীন আৰ্থিক সাহাৰ্য্য আৰু উপযুক্ত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। পৰিষদৰ নগাঁও জিলা সমিতিয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত কৃষকক আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে জলসিঞ্চনৰ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।