জামুগুৰিহাটত কৃষকৰ বেদনাঃ শেষ ভৰষা কেৱল বৰুণ দেৱতা !

জামুগুৰিহাটত কৃষকৰ বেদনাঃ শেষ ভৰষা কেৱল বৰুণ দেৱতা !

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ খৰাঙৰ কবলত সমগ্ৰ ৰাজ্য ৷ পথাৰত এতিয়া দেখা দিছে চিৰাল ফাট ৷ এজাক বৰষুণৰ বাবে হাবাথুৰি খাব লগীয়া হৈছে কৃষক ৰাইজে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো কৃষক ৰাইজ এতিয়া এজাক দোপালপিটা বৰষুণৰ বাবে আশাৰে বাট চাবলগীয়া হৈছে ৷

যিটো সময়ত পথাৰ পানীৰে উপচি থাকিব লাগিছিল, কঠিয়া ৭ ৰ পৰা ৮ ইঞ্চি পৰ্যন্ত ওখ হৈ বতাহৰ লগত খেলা কৰিব লাগিছিল সেই সময়ত এতিয়া কৃষক ৰাইজে পথাৰত মূৰে কপালে হাত দি বৰুণ দেৱতাক প্ৰাৰ্থনা কৰিব লগা হৈছে ৷

আশাৰে ভৰা পথাৰত হাল,কোৰ মাৰি গোৱৰ আদি সাৰ পেলাই কঠিয়া সিচিবৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল যদিও আজি পৰ্যন্ত সিঁচিব নোৱাৰিলে কঠিয়া ৷ যাৰ বাবে জামুগুৰিহাটৰ একমাত্ৰ বৃহৎ পথাৰ এইখন বৰপথাৰৰ লগত জড়িত এই সকল কৃষক এতিয়া দুঃচিন্তাত পৰি দিকবিদিক হেৰাই পেলাইছে ৷

বৰ পথাৰখনৰ নাতিদূৰৈত ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ কেনেল আছে যদিও আজিকোপতি কৃষকসকলৰ প্ৰয়োজনত পথাৰত পানী পোৱা নাই। এতিয়া এইসকল কৃষকৰ একমাত্ৰ ভৰষা কেৱল বৰুণ দেৱতা ৷ সেয়ে বৰষুণৰ পানীৰ বাবে বৰুণ দেৱতাৰ কৃপাদৃষ্টি বিচাৰিছে কৃষকসকলে ৷

জামুগুৰিহাটত কৃষকৰ বেদনাঃ শেষ ভৰষা কেৱল বৰুণ দেৱতা !
অন্য এক সফলতাৰ দিশে ভাৰতবৰ্ষ, ডবা বিশ্বকাপৰ খিতাপ দখলৰ দিশে ভাৰতীয় কিশোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in