অন্য এক সফলতাৰ দিশে ভাৰতবৰ্ষ, ডবা বিশ্বকাপৰ খিতাপ দখলৰ দিশে ভাৰতীয় কিশোৰ...

অন্য এক সফলতাৰ দিশে ভাৰতবৰ্ষ, ডবা বিশ্বকাপৰ খিতাপ দখলৰ দিশে ভাৰতীয় কিশোৰ...

ডিজিটেল ডেস্ক : ২৩ আগষ্ট, ২০২৩ । সন্ধিয়া প্ৰায় ৬ বজাত ভাৰতবৰ্ষই ৰচিলে এক অনন্য ইতিহাস । চন্দ্ৰৰ দক্ষিণ মেৰুত সফলভাৱে বিশেষ মহাকাশযান সুকলমে অৱতৰণ কৰোৱা প্ৰথমখন দেশ হিচাপে পৰিচিত হ'ল ভাৰত । চন্দ্ৰযান ৩য়ে কঢ়িয়াই নিয়া বিক্ৰম নামৰ লেণ্ডাৰখনে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ সৈতেই ১৪১ কোটি ভাৰতীয়ই সমগ্ৰ বিশ্বৰ সন্মুখত গৌৰৱেৰে ক'ব পৰা হ'ল চন্দ্ৰই যোৱা মুষ্টিমেয় দেশ কেইখনৰ এখন বুলি ।

ঠিক একেদৰেই আন এক সফলতাৰ দিশে আগবাঢ়িছে ভাৰত । মাজত মাথো কেইটামান মূহুৰ্ত । অৱশ্যে এই সফলতাৰ দিশে ভাৰতক কঢ়িয়াই নিছে এজন কিশোৰে । ১৮ বছৰীয়া কিশোৰ গৰাকীৰ নাম আৰ. প্ৰগ্গানন্ধা । ২০০৫ চনত চেন্নাইত জন্মলাভ কৰা প্ৰগ্গানন্ধা বৰ্তমান ডবা বিশ্বকাপৰ ফাইনেলত । সন্মুখত প্ৰতিদ্বন্দী বিশ্ববিখ্যাত মেগনাচ কাৰ্লচেন ।

উল্লেখ্য যে, মেগনাচ কাৰ্লচেন ডবাৰ গ্ৰেণ্ড মাষ্টাৰ হৈছিল ২০০৪ চনত । যি সময়ত আৰ. প্ৰগ্গানন্ধাৰ জন্মই হোৱা নাছিল । সেই আৰ. প্ৰগ্গানন্ধা এতিয়া মেগনাচ কাৰ্লচেনৰ সন্মুখত সুউচ্চ বাধাৰ প্ৰাচীৰ হৈ দেখা দিছে ।

ডবা বিশ্বকাপৰ ফাইনেলে ইতিমধ্যে দুটা দিন পাৰ কৰিছে । মঙল আৰু বুধবাৰৰ খেল দুখন ড্ৰ' হোৱাৰ পাছত এতিয়া বৃহস্পতিবাৰে ৰেপিড ফায়াৰ ৰাউণ্ডত পুনৰ মেগনাচ কাৰ্লচেন সন্মুখীন হ'ব আৰ. প্ৰগ্গানন্ধা । আজিৰ দিনটোতেই ডবা বিশ্বকাপৰ ২০২৩ বৰ্ষৰ চেম্পিয়ন লাভ কৰিব সমগ্ৰ বিশ্বই । তেনেস্থলত যদিহে আৰ. প্ৰগ্গানন্ধা জয়ী হয় তেন্তে ডবাৰ বিশ্ব বিখ্যাত গ্ৰেণ্ড মাষ্টাৰ মেগনাচ কাৰ্লচেনক অনলাইন আৰু অফলাইন দুয়োটা ফৰ্মেটতে হৰুৱা সৰ্বকনিষ্ঠ খেলুৱৈৰূপে চিহ্নিত হ'ব ভাৰতীয় কিশোৰ আৰ. প্ৰগ্গানন্ধা ।

উল্লেখ্য যে, খেলৰ পূৰ্বৰে পৰাই খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ আছিল মেগনাচ কাৰ্লচেন । যাৰ বাবে প্ৰথম দুদিনৰ খেল আৰম্ভণিৰে পৰাই ড্ৰ' কৰোৱাৰ মানসেৰে খেলিছিল খেলুৱৈগৰাকীয়ে যাতে, ফলাফল লাভ কৰিবলৈ সৰ্বাধিক সময় লাভ কৰিব পাৰে । অৱশ্যে আজিৰ ৰেপিড ফায়াৰ ৰাউণ্ডৰ কথা সুকীয়া ।

এতিয়া প্ৰশ্ন হয় সুতীক্ষ্ণ কিশোৰ মগজে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীক হৰুৱাব পাৰিবনে ? যদি পাৰে তেন্তে এটা সপ্তাহতেই দুটাকৈ সুখবৰ লাভ কৰিব ভাৰতে । প্ৰথমে চন্দ্ৰযান আৰু তাৰ পাছত আৰ. প্ৰগ্গানন্ধা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in